নৱবৰ্ষৰ প্ৰাকক্ষণত কাজিৰঙাত সুৰাসুক্ত চালকৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান

যাতে সুৰাপায়ী চালকৰ বাবে যান-বাহন দুৰ্ঘটনা পতিত নহয় তাৰবাবে সতৰ্ক হৈছে গোলাঘাট জিলা পৰিবহন বিভাগ
নৱবৰ্ষৰ প্ৰাকক্ষণত কাজিৰঙাত সুৰাসুক্ত  চালকৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান

ডিজিটেল সংবাদ,কাজিৰঙা : নৱবৰ্ষৰ প্ৰাকক্ষণত কাজিৰঙাত সুৰাসুক্ত চালকৰ বিৰুদ্ধে পৰিবহন বিভাগে চলাইছে অভিযান ৷ সম্প্ৰতি কাজিৰঙাত দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে ৷

লগতে বনভোজৰ দলৰ উপস্থিতিয়ে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে কাজিৰঙাত ৷ কাজিৰঙাৰ হাতী পাথৰ বনভোজথলীত সমাগম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজৰ দল ৷

এনে সময়ত যাতে সুৰাপায়ী চালকৰ বাবে যান-বাহন দুৰ্ঘটনা পতিত নহয় তাৰবাবে সতৰ্ক হৈছে গোলাঘাট জিলা পৰিবহন বিভাগ। বিশেষভাৱে বনভোজ দলৰ বাহনসমূহ যাতে সুৰাসক্ত চালকে চলাব নোৱাৰে তাৰবাবে Breath Analyzer ৰে পৰীক্ষা কৰা হৈছে চালকক।

সমাগত মাঘ বিহু পৰ্যন্ত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান চলাই থকাৰ কথা ব্যক্ত কৰিছে পৰিবহন বিভাগে ৷ আনহাতে যাত্ৰী কঢ়িয়াই অনা মালবাহী বাহনৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহন কৰিছে পৰিবহণ বিভাগৰ বিষয়াই ৷ উল্লেখযোগ্য যে সোমবাৰে যাত্ৰীলৈ বনভোজ খাবলৈ অহা এখন মিনিট্ৰাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে পৰিবহন বিভাগে ৷

নৱবৰ্ষৰ প্ৰাকক্ষণত কাজিৰঙাত সুৰাসুক্ত  চালকৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান
জন্মদিনৰ প্ৰাক-মুহূৰ্তত প্ৰেয়সীক জ্বলাই হত্যা প্ৰেমিকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in