কাৰ্বি আংলং জিলাৰ ফুলনিত কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভা

বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপি দলে কোনো উন্নয়নমূলক কাম কৰা নাই বুলি কয়

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং জিলাৰ ফুলনিত কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভা

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাত কংগ্ৰেছৰ বৰ্ধিত সভা। দলটোৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে শনিবাৰে কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলনি মণ্ডল কংগ্ৰেছ কাৰ্যালয়ত ফুলনি মণ্ডল কংগ্ৰেছৰ এখনি যুটীয়া বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়।

Advertisment

সভাত সভাপতিত্ব কৰে ফুলনি মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেন্দ্ৰ টকবিয়ে । উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সঞ্জীৱ টেৰণ, ফুলনি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ পৰ্যবেক্ষক দৰছিং চিংনাৰ, কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সম্পাদক খয়াছিং তেৰাং, হাওৰাঘাট ব্লক কংগ্ৰেছ কমিটীৰ উপ সভাপতি প্ৰমোদ দাস, মহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী চৰমিলা ৰংহাংপীৰ লগতে ফুলনি সমষ্টিৰ অন্তৰ্গত ২৮ টা বুথ কেন্দ্ৰৰ সভাপতি-সম্পাদক আৰু দলীয় কৰ্মীসকল।

উক্ত সভাতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জীৱ টেৰণে ভাষণ প্ৰসংগত বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপি দলে কোনো উন্নয়নমূলক কাম কৰা নাই বুলি কয় । আনহাতে ফুলনি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ পৰ্যবেক্ষক দৰছিং ছিংনাৰেও বৰ্তমানৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

Also Read: জখলাবন্ধা উ: মা: বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

congress