জখলাবন্ধা উ: মা: বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

জখলাবন্ধা উ: মা: বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ,কলিয়াবৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। জখলাবন্ধা উঃমাঃ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে কৃতী ছাত্ৰ-ছাত্ৰীৰ এখনি গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠান সম্পন্ন কৰা হয়।

অধ্যক্ষ বন্তি দেৱীৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যখা কৰে ইংৰাজী বিভাগৰ বিষয় শিক্ষক দীপ কুমাৰ বৰিয়ে । ইয়াৰ পাছতে অভিনন্দন আৰু মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়।

বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক বিৰাজ ভূষণ বৰাই আঁত ধৰা অভিনন্দন আৰু মুখামুখি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা বক্তব্যৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে পৰিচলনা সমিতিৰ সভাপতি অচ্যুত শইকীয়া, উপ-সভাপতি গৌতম খাউণ্ড আৰু জখলাবন্ধা গাঁও পঞ্চায়তৰ সভাপতি তৃষা শইকীয়াই । অনুষ্ঠানত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা হেমন্ত হাজৰিকা আৰু চুমন চৌহান, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ হিমজ্যোতি বৰা, ভীম চৌহান আৰু প্ৰথম বিভাগত উত্তীৰ্ণ শিৱম নেৱাৰ, ৰাজীৱ কুমাৰ, মৃন্ময় শইকীয়াক গামোচা, অভিনন্দন পত্ৰ, কিতাপ, ডায়েৰী, নোটবুক, কলম আদিৰে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনায়।

নিজ নিজ বিষয়ত লেটাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনায় জ্যেষ্ঠ শিক্ষক উত্তম কুমাৰ শইকীয়া আৰু নীলাঞ্জনা দাসে। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অনুভৱ ব্যক্ত কৰে অভিভাৱকসকলে আৰু সুন্দৰ গীত পৰিৱেশনেৰে সকলো মুগ্ধ কৰে বিদ্যালয়ৰ মাতৃগোটৰ সদস্য পম্পী শইকীয়াই ।

আনহাতে,সভাপতিৰ মন্তব্যৰ পাছতে জাতীয় সংগীত পৰিবেশনেৰে সভা সামৰণি পৰে।

জখলাবন্ধা উ: মা: বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
দিল্লীৰ কমলা বজাৰত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in