/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6e673248-1efb-4f79-b1ba-eca25b3c0c4e/487.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত গৰখীয়া পুখুৰী গাঁৱৰ গৰখীয়া পুখুৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা গৰখীয়া পুখুৰী চাৰিআলি বজাৰ কমিটীৰ সম্পাদক জিতু ব্ৰহ্ম বৃহস্পতিবাৰে পুৱা ৬-০০ বজাত বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৪৪ বছৰ।
উল্লেখ্য যে মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ডিমাপুৰত এখন চিকিৎসালয়ত তেঁও অকাল মৃত্যুক সাৱটি লয় । জানিব পৰা মতে তেওঁ কিছুবছৰ আগেয়ে এখন বিদ্যালয়ত শিক্ষকতাও কৰিছিল ।
সমাজৰ বিভিন্ন দায়িত্ব পালন কৰি থকা অৱস্থাতে হঠাতে তেওঁৰ অকাল মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে মৃতকৰ প্ৰতি সন্মান জনাই গৰখীয়া পুখুৰী চাৰি আলিৰ দোকান বজাৰ বন্ধ ৰখা হয় । আনহাতে মৃতকৰ ঘৰত হাওৰাঘাট তিনি আলি আঞ্চলিক বড়ো সংগঠন ক্ৰমে কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰী, সম্পাদক বীৰেন স্বৰ্গীয়াৰী, উপ সভাপতি সুবল বসুমতাৰী, গাওঁবুঢ়া সন্থাৰ উপ সভাপতি প্ৰদীপ বসুমতাৰীকে ধৰি অগ্ৰণী বড়ো সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰে ।
মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই জীয়ৰীৰ লগতে বহু আত্মীয় স্বজনক এৰি গুচি যায় । তেওঁৰ অকাল মৃত্যুত সমগ্ৰ হাওৰাঘাট অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলায় ।
Also Read: মিছামাৰী সেনা চাউনীৰ যশৱন্ত ষ্টেডিয়ামত অগ্নিবীৰ নিযুক্তি ৰেলী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us