মিছামাৰী সেনা চাউনীৰ যশৱন্ত ষ্টেডিয়ামত অগ্নিবীৰ নিযুক্তি ৰেলী

মিছামাৰী সেনা চাউনীৰ যশৱন্ত ষ্টেডিয়ামত অগ্নিবীৰ নিযুক্তি ৰেলী

author-image
Asomiya Pratidin
New Update
মিছামাৰী সেনা চাউনীৰ যশৱন্ত ষ্টেডিয়ামত অগ্নিবীৰ নিযুক্তি ৰেলী

ডিজিটেল সংবাদ,মিছামাৰী : ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয় (মুখ্য কাৰ্যালয়)য়ে মধ্য অসমৰ চাৰিখন জিলা (শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও)ৰ প্ৰাৰ্থীৰ বাবে অগ্নিবীৰ নিযুক্তি ৰেলীৰ আয়োজন কৰিছে। অহা ২৩ জুলাই ২০২৪ৰ পৰা ২৭ জুলাই ২০২৪লৈ মিছামাৰীস্থিত সেনা চাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই নিযুক্তি ৰেলী অনুষ্ঠিত হ'ব ।

এই নিযুক্তি ৰেলীত এপ্ৰিল,২০২৪ পৰা মে’,২০২৪ ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই নিযুক্তি সন্দৰ্ভত সেনা কৰ্তৃপক্ষই সকলো প্ৰাৰ্থীকে কোনো ধৰণৰ দালালৰ বলি নহবলৈ আহ্বান জনাইছে।

প্ৰাৰ্থীসকলক ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in চাবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ যোগেদি নিৰ্বাচিত প্ৰাৰ্থীৰ ফলাফল আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব।

যদি নিৰ্বাচিত প্ৰাৰ্থীসকলৰ কোনো বিষয়ে জানিব লগীয়া থাকিলে বা এডমিট কাৰ্ড লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'লে, এই ক্ষেত্ৰত এনআইচি মেইল আইডি run.fun@nic.in আৰু ফোন নম্বৰ ০৩৬৪-২৫০৪১৭৭ৰ জৰিয়তে নিযুক্তি কাৰ্যালয় (মুখ্য কাৰ্যালয়) শ্বিলঙৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।

Also Read: আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট : বশিষ্টৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ

MISAMARI agniveer