হাওৰাঘাটত গণেশ চতুৰ্থী উদযাপন

হাওৰাঘাটত গণেশ চতুৰ্থী উদযাপন

ডিজিটেল সংবাদ, হাওৰাঘাট: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ দীঘলীপাৰত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় শ্ৰী শ্ৰী গণেশ চতুৰ্থী পূজা উৎসৱ। উল্লেখ্য যে, দীঘলীপাৰ গণেশ মন্দিৰ কমিটীৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী গণেশ পূজাৰ কাৰ্যসূচী অনুসৰি সোমবাৰে বিয়লি আৰম্ভ হয় অধিবাস। ইয়াৰ পিছত মঙলবাৰৰ পৰা আৰম্ভ কৰা হয় শ্ৰী শ্ৰী গণেশ পূজা ।

শ্ৰী শ্ৰী গণেশ চতুৰ্থীৰ লগত সংগতি ৰাখি মঙলবাৰে পুষ্প অঞ্জলিৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। শ্ৰী শ্ৰী গণেশ পূজাৰ আটাইকেইদিনৰ কাৰ্যসূচীত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰ বাবে আহ্বান জনায় শ্ৰী শ্ৰী গণেশ পূজা পৰিচালনা সমিতিৰ সভাপতি ৰাজু দে আৰু সম্পাদক গবিন্দ নাথে।

হাওৰাঘাটত গণেশ চতুৰ্থী উদযাপন
পাকিস্তানীৰ সৈতে সম্পৰ্ক আৰু দেশ বিৰোধী কাৰ্যত জড়িতৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in