পাকিস্তানীৰ সৈতে সম্পৰ্ক আৰু দেশ বিৰোধী কাৰ্যত জড়িতৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ

পাকিস্তানীৰ সৈতে সম্পৰ্ক আৰু দেশ বিৰোধী কাৰ্যত জড়িতৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱা: দেশ বিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত নগাঁও জিলাৰ জাজৰিৰ গেন্ধুৱা পথাৰ গাঁৱৰ এজন যুৱকক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। বটদ্ৰৱা সমষ্টিৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধুৱা পথাৰৰ যুৱক ইকবাল হুছেইনক চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰে।

ওড়িশাৰ চিআইডিৰ এটা দল আৰু জাজৰি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ইকবাল হুছেইন নামৰ যুৱকজন। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পাকিস্তানৰ আব্দুল হামিদ নামৰ এজন যুৱকৰ সৈতে দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ লগতে তথ্য যোগান ধৰাৰ অভিযোগ আছে ইকবাল হুছেইনৰ বিৰুদ্ধে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, আটকাধীন ইকবাল হুছেইনে বিগত দিনত কনিষ্ঠ ভাতৃ আজমল হুছেইনৰ লগত বাংগালোৰত চিম কাৰ্ডৰ ব্যৱসায় আৰু ব্যক্তিগত কোম্পানীৰ কামত কৰ্মৰত হৈ আছিল। বটদ্ৰৱাৰ গেন্ধোৱা পথাৰৰ নিজা বাসগৃহত আত্মগোপন কৰি থকা অৱস্থাত মঙলবাৰে নিশা আৰক্ষী আৰু চিআইডিৰ দলে ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰে।

বৰ্তমান অধিক তথ্যৰ বাবে ইকবাল হুছেইনক জেৰা কৰি থকা হৈছে। ইফালে ইকবাল হুছেইনৰ ভাতৃ আজমল হুছেইনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

পাকিস্তানীৰ সৈতে সম্পৰ্ক আৰু দেশ বিৰোধী কাৰ্যত জড়িতৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ
বঢ়মপুৰৰ বৰবাৰীত যুৱকৰ সলিল সমাধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in