কাৰ্বি আংলঙত জীৱাশ্ম উদ্ধাৰ...

যোৱা ১২ মে’ত শিলভেটাৰ কাষত এগৰাকী ব্যক্তিয়ে ঘটনাক্ৰমে উদ্ধাৰ কৰে জীৱাশ্ম (Fossil)

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙত জীৱাশ্ম উদ্ধাৰ...

ডিজিটেল সংবাদ, কাৰ্বি আংলং : যোৱা ১২ মে’ত কাৰ্বি আংলঙৰ শিলভেটাৰ কাষত এগৰাকী ব্যক্তিয়ে ঘটনাক্ৰমে উদ্ধাৰ কৰে জীৱাশ্ম (Fossil)। জীৱাশ্মটো কেইবা মিলিয়ন বছৰ(Eocene era) পুৰণি বুলি অনুমান হয় ৷ কিয়নো জীৱাশ্মটো সম্পূৰ্ণ লো (Iron)ৰ দৰে ৰূপান্তৰিত হৈছে ৷ প্ৰায় ৭ ছেণ্টিমিটাৰ দীঘল আৰু ২ ছেণ্টিমিটাৰ বহল কলডিলৰ আকৃতিৰ এই জীৱাশ্মটো একক আৰু ইয়াৰ সৈতে সাদৃশ্য থকা জীৱাশ্মৰ ফটো বৰ্তমানলৈ পোৱা নাই ৷

Advertisment

যি স্থানত এই জীৱাশ্ম পোৱা গৈছে, তাত আৰু জীৱাশ্ম আছে বুলি ব্যক্তি গৰাকীয়ে উল্লেখ কৰিছে ৷ উল্লেখ্য যে, দিলাই পাহাৰত থকা বোকাজান চিচিআইৰ চূণশিলৰ খনিত বিভিন্ন সাগৰীয় জীৱৰ জীৱাশ্ম উদ্ধাৰ হৈছে৷ তাৰ বাহিৰে কাৰ্বি আংলঙৰ আন ঠাইত জীৱাশ্ম উদ্ধাৰ হোৱাৰ তথ্য নাই ৷ এই জীৱাশ্মকেইটাৰ পৰা আন দুচটা চেপেটা আকাৰৰ জীৱাশ্ম শিল পোৱা গৈছে যি দুচটা ধান বা ঘেঁহুৰ দৰে বীজৰে গঠিত৷

মন কৰিবলগীয়া যে, কাৰ্বি আংলঙৰ ডিফু আৰু ইয়াৰ কাষৰীয়া এলেকাত যথেষ্ট শিলাভূত গছ (Petrified wood) বা জীৱাশ্মৰ সৰু-বৰ টুকুৰা পোৱা যায় ৷ ফটোত দেখা অনুসৰি এটুকুৰা শিলাভূত গছৰ টুকুৰা ৷ যি প্ৰায় চাৰি বছৰমানৰ আগেয়ে সংগ্ৰহ কৰা ৷ ১৯৩৬ চনতে আছাম ফৰেষ্ট চাৰ্ভিছৰ চি এছ পূৰুকায়স্ত নামৰ বন বিষয়াগৰাকীয়ে ডিফুৰ কাষৰীয়া এলেকাত এনে শিলাভূত গছ পোৱাৰ তথ্য পোন প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল ৷ তেওঁ নগাঁও বন সংমণ্ডলৰ অধীনস্থ বনাঞ্চলৰ জৰীপৰ কামত অহাৰ সময়তে নৈলালুং ৰে’লৱে ষ্টেচনৰ কাষত প্ৰথমবাৰৰ বাবে এই শিলাভূত গছৰ টুকুৰা এটা দেখা পাই আচৰিত হৈছিল আৰু টুকুৰাটো ডেৰাদুনত থকা ফৰেষ্ট ৰিচাৰ্চ ইনচটিউত (Forest Research Institute) লৈ প্ৰেৰণ কৰিছিল৷

১২ মে’ত উদ্ধাৰ হোৱা ফচিলৰ গৱেষণাই অঞ্চলটোৰ প্ৰাচীন ভৌগোলিক আৰু অন্যান্য ইতিহাসত এক নতুন পোহৰ পেলাবলৈ সক্ষম হ’ব বুলি নিশ্চয়কৈ ক’ব পাৰি৷

Also Read: ৰাঙলুত ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত অনিয়মৰ অভিযোগ...

GOVT OF ASSAM