হাওৰাঘাটত প্ৰাক্তন ভি ডি চি'ৰ চেয়াৰমেন অমৰ ইংতিৰ মৃত্যুত শোকৰ ছাঁ...

হাওৰাঘাটত প্ৰাক্তন ভি ডি চি'ৰ চেয়াৰমেন অমৰ ইংতিৰ মৃত্যুত শোকৰ ছাঁ...

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত প্ৰাক্তন ভি ডি চি'ৰ চেয়াৰমেন অমৰ ইংতিৰ মৃত্যুত শোকৰ ছাঁ...

হাওৰাঘাটত প্ৰাক্তন ভি ডি চি'ৰ চেয়াৰমেন অমৰ ইংতিৰ মৃত্যুত শোকৰ ছাঁ...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাওঁ নিবাসী তথা বিজেপি দলৰ হাওৰাঘাট ভি ডি চি'ৰ প্ৰাক্তন আৰু প্ৰথম চেয়াৰমেন অমৰ ইংতি(৫১)ৰ আজি পুৱাৰ ভাগত হৃদ ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয়। তেওঁৰ মৃত্যুত হাওৰাঘাট অঞ্চলৰ বহু বিজেপিৰ কৰ্মী আৰু তেওঁৰ শুভাকাংক্ষীসকলে উপস্থিত থাকি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।

Advertisment

তেওঁ এসময়ত এগৰাকী ফুটবল খেলুৱৈ আৰু ৰেফাৰীও আছিল। এসময়ত পান ইংতি গাঁৱৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী , দুই পুত্ৰ আৰু আত্মীয় স্বজনক এৰি গুচি যায় । তেওঁৰ মৃত্যুত হাওৰাঘাট অঞ্চলটোত শোকৰ ছাঁ পেলায় ।

Also Read: নগাঁৱত সামৰণি পৰিল ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ...

হাওৰাঘাট