নগাঁৱত সামৰণি পৰিল ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ...

নগাঁৱত সামৰণি পৰিল ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ...

author-image
Asomiya Pratidin
New Update
নগাঁৱত সামৰণি পৰিল ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ...

নগাঁৱত সামৰণি পৰিল ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ...

ডিজিটেল সংবাদ নগাওঁঃ নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ। সোমবাৰে সামৰণি পৰা এই কলা মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০০ কলা-কুশলীয়ে অংশগ্ৰহণ কৰে।

Advertisment

ত্ৰিবেণী কলা কেন্দ্ৰ উৰিষ্যাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত সত্ৰীয়া আৰু কথক নৃত্যৰ সাধক সবিতা শ‌ইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসমৰ কেইবাগৰাকীও নৃত্য সাধকক ৰাষ্ট্ৰীয় শ্ৰীগুৰু কলাক্ষেত্ৰ সন্মানেৰে সন্মানিত কৰে ।

উল্লেখ্য যে, অনুষ্ঠানটোৰ মুখ্য পৰিচালিকা ৰেখা মহান্টি আৰু অসমৰ তত্বাৱধায়ক পাৰ্থপ্ৰতিম দাস আৰু ডিম্পল গায়নৰ বিশেষ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা অনুষ্ঠানতেই এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উক্ত নৃত্য প্ৰতিযোগিতাত বিশ্বজিৎ মজুমদাৰ, ভাস্বতী নাথ, পাৰ্থ প্ৰতিম দাস আৰু ময়ুৰ জ্যোতি বৰা বিচাৰক হিচাপে উপস্থিত আছিল।

Also Read: আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনক আটক...

ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ