/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8e4ea4ff-f665-4b51-a6dd-ca0ca9d52bf7/223.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ লাংহিনত শুকুৰবাৰে অনুষ্ঠিত হোৱা কাৰ্বি আংলং জিলাৰ ৫ অগ্ৰণী বড়ো সংগঠনসমূহৰ বাৰ্ষিক অধিৱেশনখন সফলভাৱে সামৰণি পৰে। অধিৱেশনৰ তৃতীয় দিনৰ মুকলি সভাত অংশগ্ৰহণ কৰে মেঘালয়ৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ড° কপিন চন্দ্ৰ বড়োই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/df8ddc6a-7ff8-4c1a-8638-8f0171041ae2/11b4c706_3b83_409e_b588_b50857b79c83.jpg)
উল্লেখ্য যে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ হীৰক জয়ন্তী পালনৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলা আবৌফৰ ৩৫ সংখ্যক, কাৰ্বি আংলং জিলা সদৌ বড়ো কৰ্মচাৰী সন্থাৰ ৩৪ সংখ্যক, কাৰ্বি আংলং জিলা বড়ো কৃষক সন্থাৰ ১৭ সংখ্যক আৰু কাৰ্বি আংলং জিলা বড়ো গাওঁবুঢ়া সন্থাৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশন যুটীয়াভাৱে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ ৫ অগ্ৰণী বড়ো সংগঠনৰ মুকলি সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ সভাপতি দালছিং বসুমতাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b9f72cce-03ef-40ea-8ed1-17ec2beb65b2/fffa73d2_06a1_49c6_9037_85d83d066b3d.jpg)
সভা উদ্বোধন কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ ঠাইত উপস্থিত থাকে কাৰ্যবাহী সদস্য অমৰছিং তিছ' আৰু পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'।
সভাত অমৰছিং তিছ'ই ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ চেলাবৰ অঞ্চলত বিগত ৭৩ বছৰে মাটিৰ পট্টা নোহোৱাকৈ বসবাস কৰি থকা ৰাইজৰ বাবে এবছৰৰ ভিতৰতে পট্টা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে । নিদিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিশ্বেশ্বৰ বসুমতাৰী, আবৌফৰ সভানেত্ৰী লীলা দৈমাৰী,বড়ো কৰ্মচাৰী সন্থাৰ সভাপতি তাৰেশ্বৰ বসুমতাৰী, বড়ো গাওঁবুঢ়া সন্থাৰ সভাপতি মুনিন্দ্ৰ নাৰ্জাৰী,বড়ো কৃষক সন্থাৰ সভাপতি বুদ্ধিৰাম নাৰ্জাৰীৰ লগতে অনিল বসুমতাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/276bc982-0d35-4eaa-b903-37e57ab8ef5d/6cc95f29_fdfc_47f1_9ac2_1662b99eb35f.jpg)
সভাত মদন স্বৰ্গীয়াৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক ক্ৰমে ড° প্ৰেমানন্দ মোছাহাৰী, অৰবিন্দ উজীৰ, ঋতুৰাজ বসুমতাৰী, ৰত্নেশ্বৰ নাৰ্জাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্ম প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Also Read: বৰ্তমান মুঠ কৃষিভূমিত ১৪ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা আছে- বিধানসভাত মন্ত্ৰী অশোক সিংহলৰ তথ্য..