বৰ্তমান মুঠ কৃষিভূমিত ১৪ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা আছে- বিধানসভাত মন্ত্ৰী অশোক সিংহলৰ তথ্য..

অসমৰ জলসিঞ্চন বিভাগৰ মুঠ ১,৫৮৫খন আঁচনি বৰ্তমানে অকামিলা হৈছে
বৰ্তমান মুঠ কৃষিভূমিত ১৪ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা আছে- বিধানসভাত মন্ত্ৰী অশোক সিংহলৰ তথ্য..

ডিজিটেল ডেস্ক : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰশ্নত্তোৰকালত বিধায়ক অখিল গগৈয়ে আজি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা কেতবোৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী অশোক সিংহলে সদনত গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, অসমত এবাৰ ধান খেতি কৰা মুঠ মাটিৰ পৰিসংখ্যা হাতপুথি ২০২২ত থকা তথ্য অনুসৰি ২০২১-২২ বৰ্ষৰ ধান খেতি হোৱা মুঠ মাটিৰ পৰিমাণ ২৩.৫৩ লাখ হেক্টৰ। বিভিন্ন শস্য হোৱা ২৭.২৪ লাখ হেক্টৰ আৰু সৰ্বমুঠ খেতি কৰা মাটিৰ পৰিমাণ ৩৮.৮৮ লাখ হেক্টৰ।

ইয়াৰে ভিতৰত জলসিঞ্চন বিভাগৰ আঁচনিসমূহৰ দ্বাৰা ২০২৩ বৰ্ষলৈ ১১.০৩ লাখ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনা হৈছে যদিও বৰ্তমান বছৰটোত ৫.৫০ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চন বিভাগৰ আঁচনিৰ জড়িয়তে যোগান ধৰা পানীৰ সহায়ত খেতি কৰিব পৰা যায়।

আন এক প্ৰশ্নত্তোৰত মন্ত্ৰীগৰাকীয়ে কয় যে, জলসিঞ্চন বিভাগৰ আঁচনিৰ দ্বাৰা বৰ্তমান মুঠ কৃষিভূমিৰ ১৪ শতাংশ জলসিঞ্চন ব্যৱস্থা আছে। এই আঁচনিসমূহৰ জড়িয়তে খাৰিফ শস্যৰ আৰু ৰবি শস্যৰ পানী যোগান ধৰা হয়।

অখিল গগৈয়ে উত্থাপন কৰা অসমৰ সৰ্বমুঠ জলসিঞ্চন থকা কিমান শতাংশ ভূমিত চৰকাৰী জলসিঞ্চন আঁচনিৰ পৰা পানী যোগান ধৰা হয় আৰু কিমান শতাংশত ব্যক্তিগত কৃষকে নিজে জলসিঞ্চনৰ ব্যৱস্থা কৰে এই প্ৰশ্নত্তোৰত মন্ত্ৰী সিংহলে কয় যে, ২০২৩ বৰ্ষৰ তথ্য অনুসৰি জলসিঞ্চন বিভাগৰ আঁচনিৰ দ্বাৰা মুঠ কৃষিভূমিৰ ১৪ শতাংশত জলসিঞ্চনৰ ব্যৱস্থা আছে। কৃষকে নিজে কৰা জলসিঞ্চনৰ খতিয়ান এই বিভাগত উপলব্ধ নহয়।

অসম চৰকাৰৰ সৰ্বমুঠ জলসিঞ্চন প্ৰকল্প আৰু এই প্ৰকল্পই কৃষকক যোগান ধৰা পানীৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে, জলসিঞ্চন বিভাগৰ অন্তৰ্গত সৰ্বমুঠ ৩,৯১৩খন প্ৰকল্প তথা আঁচনি আছে। আঁচনিসমূহৰ বিতং তথ্য অসম বিধানসভাৰ নিৰ্দেশ অনুসৰি অনুবন্ধ ১ হিচাপে বিধানসভাৰ ৱেবচাইত www.alaesession.orgত আপলোড কৰা হৈছে।

এই আঁচনিসমূহৰ ভিতৰত ২০২৪খন আঁচনিয়ে বৰ্তমান খাৰিফ আৰু ৰবি শস্যত পানী যোগান ধৰে। আঁচনিসমূহৰ বিতং তথ্য অসম বিধানসভাৰ নিৰ্দেশ অনুসৰি অনুবন্ধ ২ হিচাপে বিধানসভাৰ ৱেবচাইট www.alaesession.orgত আপলোড কৰা হৈছে।

প্ৰকল্পসমূহৰ নিৰ্মাণ আৰু মেৰামতি ব্যয় উপলব্ধ অনুসৰি অসম বিধানসভাৰ নিৰ্দেশানুসৰি অনুবদ্ধ ১হিচাপে বিধানসভাৰ ৱেবচাইট www.alaesession.orgত আপলোড কৰা হৈছে।

অসমত থকা জলসিঞ্চন প্ৰকল্পসমূহৰ কামত কৰা অকামিলাৰ সম্পৰ্কে মন্ত্ৰী সিংহলে কয় যে, অসমৰ জলসিঞ্চন বিভাগৰ মুঠ ১,৫৮৫খন আঁচনি বৰ্তমানে অকামিলা হৈছে। আঁচনিসমূহৰ বিতং তথ্য অসম বিধানসভাৰ নিৰ্দেশানুসৰি অনুবদ্ধ ৩হিচাপে বিধানসভাৰ ৱেবচাইট www.alaesession.orgত আপলোড কৰা হৈছে।

উপযুক্ত শিতানত ধনৰ আৱণ্টন অনুযায়ী ফচল কৰিব পৰা আঁচনিসমূহ পৰ্যায়ক্ৰমে মেৰামতি কৰি সক্ৰিয় কৰিবলৈ চৰকাৰে চেষ্টা কৰি আছে বুলি বিধানসভাৰ মজিয়াত উল্লেখ কৰে।

বৰ্তমান মুঠ কৃষিভূমিত ১৪ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা আছে- বিধানসভাত মন্ত্ৰী অশোক সিংহলৰ তথ্য..
অসমত আছে ৩,৯৪,৩৭১ টা ভূমিহীন পৰিয়াল- বিধানসভাত যোগেন মহনৰ তথ্য..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in