হাওৰাঘাটৰ প্ৰাক্তন বিধায়কৰ বিজেপি ত্যাগ...

কাৰ্বি পাহাৰত শাসকীয় বিজেপিত মোক্ষম আঘাত । বিজেপিৰ জেষ্ঠ নেতা তথা হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে বিজেপি দল ত্যাগ কৰে । জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেঙে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে
প্ৰাক্তন বিধায়ক জয়ৰাম
ইংলেং
প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ কাৰ্বি পাহাৰত শাসকীয় বিজেপিত মোক্ষম আঘাত । বিজেপিৰ জেষ্ঠ নেতা তথা হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে বিজেপি দল ত্যাগ কৰে ।

জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেঙে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেঙে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় । জয়ৰাম ইংলেঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিত যোগদান কৰাৰ পিছৰে পৰা জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেং দলত গুৰুত্বহীন হৈ পৰে ।

কাৰ্বি পাহাৰত ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজৰ সংঘাতত বহু জেষ্ঠ বিজেপি নেতা কৰ্মীয়ে ইতিমধ্যে দল ত্যাগ কৰিছে । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব পোৱাৰ পৰা বঞ্চিত হৈছিল জয়ৰাম ইংলেঙে ।

সদ্য অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনতো প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছে জেষ্ঠ বিজেপি নেতা জয়ৰাম ইংলেং । জেষ্ঠ বিজেপি নেতাগৰাকীয়ে দলৰ সকলো দায়িত্বৰ লগতে প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিছে ।

উল্লেখ্য যে জেষ্ঠ বিজেপি নেতা তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে ।

প্ৰাক্তন বিধায়ক জয়ৰাম
ইংলেং
ঢকুৱাখনাত অব্যাহত ভাং খেতিৰ উচ্ছেদ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in