হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড : জাহ গ'ল কেইবাখনো দোকান

হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড : জাহ গ'ল কেইবাখনো দোকান

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ সমবায় সমিতিৰ সমীপত থকা প্ৰদীপ স্বাহ নামৰ গেলামাল ব্যৱসায়ীজনৰ দেওবাৰে পুৱতি নিশা প্ৰায় ২.১০ বজাত তেওঁৰ তিনিখনকৈ দোকান ভস্মীভূত হয়। ফলত কেইবালক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ।

শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।ইপিনে এই ভয়ানক অগ্নিকাণ্ডত ব্যৱসায়ী প্ৰদীপ স্বাহৰ লগতে মাধৱ বৰাৰ ৱাইন শ্বপ, সোণাৰি দোকান আৰু ইলেক্ট্ৰনিক দোকানো কিছুপৰিমাণে ক্ষতিগ্ৰস্ত হয়। হাওৰাঘাট নগৰতে থকা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পিছত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড : জাহ গ'ল কেইবাখনো দোকান
দিনজোৰা কাৰ্যসূচীৰে নালাপাৰাত লক্ষ্মী পূজা উদযাপন : কৃতী শিক্ষাৰ্থীক সম্বর্ধনা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in