/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/564dea67-56e7-49ed-ad24-2878dcbce60b/386.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : গুৱাহাটী মহানগৰীৰ সৰুসজাইৰ নালাপাৰাৰ লক্ষ্মী- নাৰায়ণ মন্দিৰত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ধনৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰা হয়। লক্ষ্মী-নাৰায়ণ সামূহিক- সাংস্কৃতিক কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত পালন কৰা পূজাত পুৱাৰ পৰা নিশাপর্যন্ত যথেষ্ট ভক্তৰ সমাগম হোৱা দেখা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/48957819-7cc2-42ba-9595-e432c5acf0a4/87183316_fa02_4f65_9fed_fc52f1348e60.jpg)
পূজাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্রন্থ 'যুগল প্রপঞ্চ' উন্মোচন কৰে শিক্ষাবিদ দেৱেন শৰ্মাই। অনুষ্ঠানত ২০২২-২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা স্থানীয় মেধাৱী ছাত্ৰ-ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিক সমিতিয়ে সম্বর্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5401f3bc-e624-40d0-88c2-323b8c324a3d/ac778cb0_8ca3_41a1_8a4d_be67dd62084a.jpg)
সম্বর্ধনা জ্ঞাপন অনুষ্ঠানত ২৪ নম্বৰ ৱাৰ্ডৰ পাৰিষদ বিজু মেধিও অতিথি হিচাপে উপস্থিত থাকে। সন্ধিয়া যথাৰীতি অনুসৰি পূজাভাগ আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0c9a0198-0f00-463c-98f4-06302573836c/75f08960_4798_4ef4_a911_04ebdbf1e520.jpg)
উর্মিলা দাসৰ দলে পৰিবেশন কৰা নাগাৰা নামে উপস্থিত ভক্তিপ্ৰাণ লোকক আপ্লুত কৰে। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচী অনুসৰি লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰ পৰিচালনা সমিতিয়ে শনিবাৰে পুৱা ৭ বজাত পৰিবেশ নিকাকৰণ, ৯ বজাত বন্তি প্ৰজ্বলন আৰু ভাগৱত পাঠ, ১১ বজাত আয়তীৰ নাম- প্ৰসংগ, বিয়লি ৪ বজাত সভা আদি কাৰ্যসূচী ৰূপায়ণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/78e12a0b-9c38-42b2-9047-a8da71c8b7b6/aabbf7de_eba9_44e5_a3b9_0f7dbd8760ad.jpg)
অনুষ্ঠানৰ আঁত ধৰে মঞ্জুৰাণী ডেকা চহৰীয়াই। পূজাৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতিৰ বাবে সকলোকে ধন্যবাদ জনাইছে পৰিচালনা সমিতিৰ সভাপতি দ্বীপেশ চন্দ্ৰ ৰায় আৰু সম্পাদক সুভাষ শর্মাই।
Also Read: দিল্লী শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰলৈ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা