পশ্চিম চূণপোৰাত জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ব্যাপক প্ৰস্তুতি

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ পশ্চিম চূণপোৰা গাঁৱত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ৪ৰ্থ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব
প্ৰস্তুতি
প্ৰস্তুতি

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ পশ্চিম চূণপোৰা গাঁৱত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ৪ৰ্থ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব । অহা ২২ আৰু ২৩ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশন অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ।

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম চূণপোৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হ’ব অধিৱেশনখন । কাৰ্বি আংলং জিলাৰ বৃহত্তৰ চূণপোৰা অঞ্চলত থকা থলুৱা জাতি জনগোষ্ঠীসমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ভাতৃত্ববোধ স্নেহৰ বান্ধোন, একতাৰ এনাজৰীৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰিববৈডিমাৰ এই অধিৱেশনখন আয়োজন কৰা হৈছে বুলি ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ সম্পাদক থানুৰাম নাথে জানিবলৈ দিয়ে ।

২২ এপ্ৰিলৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মঞ্চ উন্মোচন আৰু পৰম্পৰাগত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হ'ব । ইয়াৰ পিছতে বিয়লি বঁটা বিতৰণী সভা আৰু সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ।

২৩ এপ্ৰিলৰ সামৰণিৰ দিনা পুৱাৰ ভাগত মূল পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কৰা হ'ব । ইয়াৰ পিছতে মুকলি সভা, সাংস্কৃতিক সন্মিলন আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হ'ব । ইয়াত সভাপতিত্ব কৰিব ৰিববৈডিমাৰ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই ।

সভা উদ্বোধন কৰিব কাৰ্যবাহী সদস্য মধুৰাম লেকথে । সভাত নিদিষ্ট বক্তা হিচাপে সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰী, মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, বিশিষ্ট অতিথি হিচাপে সাংসদ হৰেণছিং বে, বিধায়কদ্বয় ক্ৰমে বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ লগতে বিশিষ্ট বহু গণ্য মান্য লোকক নিমন্ত্ৰণ কৰা হৈছে । সন্ধিয়ালৈ অনুষ্ঠিত কৰা হ'ব বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ।

প্ৰস্তুতি
নিজম পৰিল লৰিংথেপিৰ কৃষি পথাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in