/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/76c49b50-5788-4392-a837-0b3bb778652d/307.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ অন্যান্য ঠাইৰ লগতে চেণ্টাৰতো অহা ২১,২২,২৩ আৰু ২৪ অক্টোবৰত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩১ সংখ্যক কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । কাৰ্বি কালচাৰেল চ'ছাইটীৰ উদ্যোগত অনুষ্ঠিত কৰা এই মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৪দিনীয়া কাৰ্যসূচীত বৃহত্তৰ অঞ্চলটোৰ ২০ টা কাৰ্বি সাংস্কৃতিক শাখাই অংশগ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d7f79322-0519-420a-ba18-c3397a62ad9a/660a1438_e31c_4fa4_b5b0_4bd61fc3d602.jpg)
কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্যসূচীত কাৰ্বি সংস্কৃতিৰ পৰম্পৰাগত বিভিন্ন নৃত্য-গীত,ফেশ্বন শ্ব' আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। যিসকল প্ৰতিযোগীয়ে এই অনুষ্ঠানত নিৰ্বাচিত হ'ব, তেওঁলোক পৰৱৰ্তী সময়ত তাৰালাংছ'ত অংশগ্ৰহণৰ বাবে সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/aec97b27-5654-4584-bdc7-34aaded566bc/a3a123c5_ff39_4ebf_a5c7_595598b2c9c6.jpg)
কাৰ্বি যুৱ মহোৎসৱৰ শেষৰ দিনা অৰ্থাৎ ২৪ অক্টোবৰৰ কাৰ্যসূচীৰ দিনা মুখ্য অতিথি হিচাপে ডিফুৰ সাংসদ হৰেণছিং বে' উপস্থিত থাকিব। লগতে হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং,কাৰ্যবাহী সদস্য কাংবুৰা কিলিং, ভি ডি চি'ৰ চেয়াৰমেন আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
Also Read: বিহালীত বালি চোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল