/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7295ec3b-1967-4885-a66f-7ee5f56bdcea/306.jpg)
ডিজিটেল সংবাদ,বিহালী : পূব শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ বৰগাং নদীৰ বুকুত বালি চোৰৰ সন্ত্ৰাস চলাৰ অভিযোগ উত্থাপিত হৈছে ৷ দীৰ্ঘদিনৰে পৰা বৰগাং বনাঞ্চলিক কাৰ্যালয় ৰেঞ্জাৰৰ নাকৰ তলতে বৰগাংৰে এচাম বালি চোৰে দিন-দপুৰতে নিৰ্বিঘ্নে বালি চোৰ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বালিৰ চোৰাং সৰবৰাহ সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই বিহালীৰ দল-সংগঠন জাঙুৰ খাই উঠিছে ৷ অভিযোগ মতে চূড়ান্ত অকৰ্মন্য,দ্বায়িত্বজ্ঞানহীন বন বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত বৰগাং নদীৰ দক্ষিণ অংশত ১৫ নং চাৰিলেনযুক্ত পথৰ ওপৰত থকা বৰদাং নদীৰ তলতে কেইটামান বালি চোৰে দৈনিক অবৈধভাৱে সৰবৰাহ কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3d059c40-9578-4090-b832-287b0b8cd8cc/d4c986e2_de98_47f9_acde_c3e74c843928.jpg)
তাৰপিছতো কোনো কাণসাৰ নাই বৰগাং বন বিভাগৰ ৰেঞ্জাৰ চক্ৰপাণি ৰয়ৰ ৷ ফলত বৰগাং নদীৰ উপৰি বুৰৈ নদী আৰু বৰজাৰণি এলেকাতো চলিছে বালি চোৰৰ সন্ত্ৰাস ৷
১৯ অক্টোবৰত ''বিহালীৰ বৰগাং নদীত বালি চোৰৰ সন্ত্ৰাস'' শীৰ্ষক বাতৰিটো সৱিস্তাৰে তথ্যসহ ফাদিল হোৱাৰ পিছতেই বিহালীৰ বালি চোৰ কেইটাৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ পুৱাই বৰগাং নদীৰ বুকুৰ পৰা বালি চোৰ কৰি ৰমৰমীয়া বেপাৰ চলাই অহা চোৰ কেইটাৰ চোৰাং কাৰবাৰ ৰাজহুৱা হোৱাত থৰকাচুতি হেৰুৱাই।
আনহাতে বালি চোৰৰ তথ্য পোহৰলৈ অনা জাতীয়তাৱাদী ছাত্ৰ সংগঠন ''ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বনিয়াক ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। বালি চুৰিৰে জড়িত গেঙটোৰ দুই গুণ্ডা হিচাপে অভিহিত দেৱব্ৰত মিশ্ৰ আৰু বিজয় বৰুৱাই যোৱা ১৯ অক্টোবৰৰ নিশা প্ৰায় ৯-৩০ মান বজাত ফোনযোগে বণিয়াক ভাবুকি প্ৰদান কৰিছিল ৷
ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বনিয়াই জনোৱা মতে, বৰদাং নদীৰ বুকুৰ পৰা বালি চোৰ কৰি ৰমৰমীয়া বেপাৰ চলাই অহা চোৰৰ গেঙটোৰ দুই বালি মাফিয়া দেৱব্ৰত মিশ্ৰ আৰু বিজয় বৰুৱাই এক অচিনাকী ফোন নম্বৰৰ পৰা নিশা ফোন কৰি তীব্ৰ ভাবুকি প্ৰদান কৰে ৷ ইপিনে ফোনযোগে বালি মাফিয়া দুটাই অনিল বনিয়াৰ ঘৰুৱা পৰিস্থিতিকলৈ নানা ধৰণৰ তুচ্ছ-তাচ্ছিল্য কৰি অপমানজনক শব্দ-বাক্যৰে মান-সন্মানত আঘাত কৰে ৷
সমান্তৰালকৈ বৰগাং নদীৰ বালি চোৰ দেৱব্ৰত মিশ্ৰ আৰু বিজয় বৰুৱাই ছাত্ৰমুক্তি সংগ্ৰাম সমিতি নামৰ সংগঠনটোৰ ওপৰতো অপমানজনক শব্দৰে সংগঠনৰো মান-মৰ্যদা লাঘৱ কৰা বুলি জানিবলৈ দিছে ৷ ইপিনে শুকুৰবাৰে ছাত্ৰমুক্তি সংগেৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বনিয়াই বালি মাফিয়া দুইটাই নিশা ভাগত ফোনযোগে ভাবুকি প্ৰদান কৰাৰ ওপৰিও সংগঠনৰ নামলৈ অপমান কৰাৰ ঘটনাৰ সন্দৰ্ভত বিহালী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে ৷
উল্লেখ যে,বূৰৈনদীৰ বটীয়ামাৰী ঘাট , বূৰৈগুৰী , বূৰৈঘাট ,লালপুখুৰী আদি নৈপৰীয়া অঞ্চলত এচাম বালি চোৰে বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে বিহালীত বালি চোৰৰ সন্ত্ৰাস চলাৰ অভিযোগ উঠিছে ৷ বৰগাং নদীৰ বুকুৰ পৰা বালি চোৰ কৰি ৰমৰমীয়া বেহা চলাই অহা বালি চোৰে ফোনযোগে ছাত্ৰ সংগঠনৰ নেতাক ভাবুকি প্ৰদান কৰা বালি চোৰ দুটাৰ বিৰুদ্ধে বিহালী আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷
Also Read: মংগলবৰীয়াত শ্ৰীশ্ৰী দুৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তীত ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ