শিক্ষিত নিবনুৱাক দুই লাখ টকা প্ৰদানৰ ঘোষণা তুলিৰাম ৰংহাঙৰ

কাৰ্বি আংলং জিলাৰ লৰিংথেপিত ভাৰতীয় জনতা যুৱ মৰ্চা (BJYM)ৰ কাৰ্যকৰী সভাত বুধবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং

author-image
Asomiya Pratidin
New Update
শিক্ষিত নিবনুৱাক দুই লাখ টকা প্ৰদানৰ ঘোষণা তুলিৰাম ৰংহাঙৰ

ভাৰতীয় জনতা যুৱ মৰ্চা (BJYM)ৰ কাৰ্যকৰী সভা

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লৰিংথেপিত ভাৰতীয় জনতা যুৱ মৰ্চা (BJYM)ৰ কাৰ্যকৰী সভাত বুধবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং । আজিৰ কাৰ্যকৰী সভাত অংশগ্ৰহণ কৰি কাৰ্বি আংলং জিলাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক দুই লাখকৈ টকা সাহাৰ্য প্ৰদানৰ ঘোষণা কৰিছে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে ।

কাৰ্যকৰী সভা
কাৰ্যকৰী সভা

ইপিনে কাৰ্বি পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে উপস্থিত থাকি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নীতি আদৰ্শৰ বিষয়ে ভাষণ প্ৰদান কৰে। সভাত ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি শিধাংকু অংকুৰ বৰুৱা, জোন জ্যোতি কাশ্যপ শৰ্মা, জিতেন বে, কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে অমৰছিং তিছ' আৰু কাংবুৰা কিলিং, কেশৱ তিমুং, জনী তিমুং, হেডছিং ৰংফাৰ, অভিজিৎ ক্ৰ' , ফেংপিগা ৰেংমা, কৃষ্ণ ভট্ট ৰায় আদিকে ধৰি বহুতো লোক উপস্থিত থাকে ।

Also Read: জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

unemployed dr. tuliram raangahang Bharatiya Janata Yuva Morcha