হাওৰাঘাটৰ ব্ৰহ্ম সমাজৰ পুৰোহিত সন্মিলনৰ সামৰণি

হাওৰাঘাটৰ ব্ৰহ্ম সমাজৰ পুৰোহিত সন্মিলনৰ সামৰণি

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটৰ ব্ৰহ্ম সমাজৰ পুৰোহিত সন্মিলনৰ সামৰণি

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ দক্ষিণ-পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত গৰখীয়া পুখুৰী গাঁৱৰ ব্ৰহ্মজ্যোতি নামঘৰ প্ৰাংগণত দেওবাৰে পুৰোহিত সন্মিলন অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে সমূহীয়াকৈ যজ্ঞ আহুতি দিয়া হয়।

Advertisment

সভাত সভাপতিত্ব কৰে পুৰোহিত সন্মিলনৰ সভাপতি লক্ষীন্দ্ৰ গয়াৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ডিম্বেশ্বৰ দৈমাৰীয়ে। পুৰোহিত সন্মিলনৰ সভাত ব্ৰহ্ম সমাজত প্ৰচলিত হৈ থকা ব্ৰহ্ম গায়ত্ৰী মন্ত্ৰ আৰু পুৰোহিত সকলৰ মন্ত্ৰ উচ্চাৰণৰ লগতে বিভিন্ন দিশত আলোচনা কৰা হয়।

সভাত বৃহত্তৰ অঞ্চলটোৰ ডেনগাৱঁৰ কাউৰী পথাৰ,আমনি গাঁও,পদুম পুখুৰী,গৰখীয়া পুখুৰী,বাহনি গাঁও, মাজগাঁও, দক্ষিণ দীঘলীপাৰ গাঁও আদি বিভিন্ন গাঁৱৰ পৰা অহা আচাৰ্য আৰু পুৰোহিতসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে পুৰোহিত সন্মিলনৰ এই সভাতে গৰখীয়া পুখুৰী গাঁৱৰ মহিলা পুৰোহিত হিচাপে মধু ব্ৰহ্ম দুৱৰা, পদুম পুখুৰী গাঁৱৰ হৰিদাস বসুমতাৰী আৰু আমনি গাঁৱৰ উপাস্য ব্ৰহ্মক আচাৰ্য হিচাপে সভাৰ প্ৰস্তাৱৰ যোগেদি নিৰ্বাচিত কৰা হয়।

Also Read: ওপজা গাঁৱত ড° নগেন শ‌ইকীয়াৰ ৮৫ সংখ্যক জন্মদিন পালন

Haoraghat