/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4f33acc8-b123-4973-afe6-fa9652377231/241.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : অসমৰ স্বনামধন্য সাহিত্যিক,শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াৰ ৮৫ সংখ্যক জন্মদিন উপলক্ষ্যে দেওবাৰে সাহিত্যিকগৰাকীৰ ওপজা গাঁও গোলাঘাট জিলাৰ হাতীয়েখোৱাত তেঁওৰ নামেৰেই উৎসৰ্গিত 'ড° নগেন শইকীয়া জাতীয় বিদ্যালয়'ত অতি উলহ-মালহেৰে উদযাপন কৰা হয়। এই অনুষ্ঠানত স্থানীয় শ্ৰীশ্ৰী দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা এই বিদ্যালয়ৰ মুখ্য উপদেষ্টা ঋষভ মহন্তই সাহিত্যিকগৰাকীৰ জন্মদিনৰ কেক কাটি শুভকামনা জনোৱাৰ লগতে গাওঁবাসী আৰু বিদ্যালয়ৰ তৰফৰ পৰা দীৰ্ঘায়ু তথা সু-স্বাস্থ্য কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d4e24714-dbcb-4ce3-8907-f546a58ac304/82b47f99_7208_46a2_bdb3_dcdb3869a687.jpg)
সভাত উপস্থিত থকা স্থানীয় কেইবাগৰাকী ব্যক্তিয়ে সাহিত্যিকগৰাকীৰ ল'ৰালি আৰু শৈশৱকাল স্মৰণ কৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ড° নগেন শইকীয়াই ভিডিঅ' কনফাৰেন্সযোগে অংশগ্ৰহণ কৰি অতিশয় আবেগিক হৈ পৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0db5281a-9570-405a-8dd0-cc7907d8c5ea/695ffab2_f1be_4de9_aa50_a4fbdfe76cae.jpg)
তেঁও এই পদক্ষেপত পৰম আনন্দ লাভ কৰা বুলি উল্লেখ কৰে। লগতে গাঁৱবাসী লৈ শুভকামনা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰে।