/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e7a222cf-cc4d-4668-affb-fba0be617350/REGTR.jpg)
ডিজিটেল ডেস্কঃ হাইলাকান্দিৰ বিলাইপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। কন্যাৰ সন্মুখতে দুৰ্বৃত্তই হত্যা কৰিলে মাতৃক। শুকুৰবাৰে নিশা সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।
নিহত মহিলাগৰাকীৰ নাম অনুবালা ৰয় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুৰ্বৃত্তই ঘৰত প্রৱেশ কৰি দাৰে ঘপিয়াই হত্যা কৰে অনুবালাক। দুৰ্বৃত্তই হত্যাৰ চেষ্টা চলাই মহিলাগৰাকীৰ কন্যাকো।
বৰ্তমান SMCHত চিকিৎসাধীন কিশোৰীগৰাকী। আনহাতে মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
কোনে কি কাৰণে ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: ISIS ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ১৩ জন গ্ৰেপ্তাৰ