জয়ৰামপুৰ-বৰবাম শাখা সাহিত্য সভা গঠনৰ ৰাজহুৱা সভা সম্পন্ন...

অসম সাহিত্য সভাৰ অন্তৰ্গত ধেমাজি জিলা সাহিত্য সভাৰ তত্ত্বাৱধানত শুকুৰবাৰে জয়ৰামপুৰ লিটিল ষ্টাৰ মডেল স্কুলত এখন প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷

author-image
Asomiya Pratidin
New Update
জয়ৰামপুৰ-বৰবাম শাখা সাহিত্য সভা গঠনৰ ৰাজহুৱা সভা সম্পন্ন...

ডিজিটেল সংবাদ ধেমাজিঃ অসম সাহিত্য সভাৰ অন্তৰ্গত ধেমাজি জিলা সাহিত্য সভাৰ তত্ত্বাৱধানত শুকুৰবাৰে জয়ৰামপুৰ লিটিল ষ্টাৰ মডেল স্কুলত এখন প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ জয়ৰামপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা লেখক তথা সাহিত্যিক প্ৰভাত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক তথা বৰদলনী কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বুদ্ধেশ্বৰ বৰাই ৷

Advertisment

সভাত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক তথা বিশিষ্ট লেখক সাহিত্যিক বিপুল শৰ্মা বৰুৱা, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ মুখপাত্ৰ তথা জেষ্ঠ্য সাংবাদিক প্ৰশান্ত কুমাৰ মোদক, ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে । লগতে অসম সাহিত্য সভাৰ সংবিধান আৰু নীতি আদৰ্শৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷

সভাৰ আলোচনাৰ অন্তত প্ৰভাত বৰ্মনক সভাপতি, তপন দিহিঙীয়া, বাপুৰাম চুতীয়াক উপসভাপতি, বুদ্ধেশ্বৰ বৰাক সম্পাদক, বিনয় হাজং, প্ৰাঞ্জল শইকীয়াক সহকাৰী সম্পাদক, শিক্ষক হেমন্ত চুতীয়াক কোষাধ্যক্ষ, উজ্জ্বল বুঢ়াগোঁহাইক পত্ৰিকা সম্পাদক, কৃষ্ণ বিশ্বকৰ্মা, লেখন চুতীয়াক সাংগঠনিক সম্পাদক, যতীন হাজৰিকা, লক্ষীনাথ কাকতি, বিজয় দলে, নৰেন নেয়াৰ, প্ৰদীপ কুমাৰ হাজং, ৰাজীৱ বৰ্মন, নিপু চুতীক কাৰ্যনিৰ্বাহক সদস্য, পলাশ কোঁচক কুঁহি উপসমিতিৰ আহ্বায়ক, স্বৰ্গে বসুমতাৰীক ৰামধেনু উপসমিতিৰ আহ্বায়ক, বিনন্দ গোহাঁইক কবি সন্মিলন উপসমিতিৰ আহ্বায়ক, জোন হাতীবৰুৱা, ৰতন চুতীয়াক সাংস্কৃতিক উপসমিতিৰ আহ্বায়ক, ধনীৰাম গগৈক প্ৰকাশন উপসমিতিৰ আহ্বায়ক, অঞ্জুমনী চুতীয়াক আহ্বায়কৰ লগতে নিজৰা নাৰ্জাৰী, মৃদুলা চুতীয়া আৰু তৃনা মিলিক সদস্য হিচাপেলৈ আকাশ উপসমিতি সহ অন্যান্য দহ জন বিশিষ্ট ব্যক্তিক উপদেষ্টা হিচাপে লৈ জয়ৰামপুৰ-বৰবাম শাখা সাহিত্য সভাৰ ২৭ জনীয়া এখনি পূৰ্নাংগ আৰু শক্তি সমিতি গঠন কৰা হয় ৷

সভাত বৰবাম হাইস্কুলৰ প্ৰধান শিক্ষক তথা লেখক তপন দিহিঙীয়া, উত্তৰ বৰদলনি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ বৰুৱা, লেখক তথা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ধনীৰাম গগৈ, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰতন চুতীয়া, স্বৰ্গে বসুমতাৰী, বিশিষ্ট সমাজকৰ্মী তুলাৰাম চুতীয়া, বিশিষ্ট সমাজকৰ্মী হেম চুতীয়া, লিটিল ষ্টাৰ মডেল স্কুলৰ অধ্যক্ষ পলাশ কোঁচ, শিক্ষক প্ৰাঞ্জল শইকীয়া, আদি বৰবাম জয়ৰামপুৰৰ অৰ্ধশতাধিক লোক উপস্থিত থাকে ৷

Also Read: সোণাৰী চাপৰিত চোৰৰ দৌৰাত্ম্য; আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট স্থানীয় বাসিন্দা...

dhemaji sahitya sabha