পুনৰ বোকাজানত ড্ৰাগছ জব্দ, আটক দুজনক...

কাৰ্বি আংলং আৰক্ষীৰ এক বৃহৎ সাফল্য । ধাৰাবাহিক ভাৱে বোকাজানত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ
ড্ৰাগছ জব্দ
ড্ৰাগছ জব্দ

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলং আৰক্ষীৰ এক বৃহৎ সাফল্য । ধাৰাবাহিক ভাৱে বোকাজানত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ ।

বোকাজানৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে হেৰ'ইন । মুঠ ১.৩ কেজি হেৰ’ইন জব্দ কৰিছে আৰক্ষীয়ে ।

মণিপুৰৰ পৰা এখন ট্ৰাকত লুকুৱাই আনিছিল ড্ৰাগছখিনি । NL 01 AE 4382 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে । ১১৬ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত ড্ৰাগছখিনি লৈ অহা আনিছিল সৰবৰাহকাৰীয়ে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে । আটকাধীন লোককেইজন হৈছে আজিজুল হক আৰু দিলদাৰ হুছেইন ।

ড্ৰাগছ জব্দ
কথাত কটা যায়, কথাত বঁটা পায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in