বোকাজানৰ খটখতিত ১০ লাখ টকাৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ...

বোকাজানৰ খটখতিত ১০ লাখ টকাৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
বোকাজানৰ খটখতিত ১০ লাখ টকাৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ...

বোকাজানৰ খটখতিত ১০ লাখ টকাৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ বোকাজানঃ বোকাজানত পুনৰ উদ্ধাৰ হৈছে ড্ৰাগছ। বোকাজান মহকুমা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন।

উল্লেখ্য যে, এক বিশেষ সূত্ৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী আৰু ২০ নং চি আৰ পি এফ বাহিনীয়ে যৌথ ভাৱে চলাইছিল ড্ৰাগছ বিৰোধী এক অভিযান।

খটখটি আৰক্ষী থানাৰ অন্তৰ্গত কালিৰাম বস্তিত চলা এই অভিযানত চলাই ফুৰকান আলি নামৰ এজন লোকৰ ঘৰৰ পৰা ৬ টা বাকচত ৫৭.৬৫গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। এই হিৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য হ'ব ১০ লাখ টকা। অভিযানকাৰী দলটোৱে নিষিদ্ধ হেৰ'ইনখিনি মজুত কৰি ৰখা ফুৰকান আলিক কৰায়ত্ব কৰি জেৰা অব্যাহত ৰাখিছে।

Also Read: তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত...

অপৰাধ বোকাজান