উদ্ভণ্ডালি ! ন' পাৰ্কিঙত অটো ৰখাক লৈয়ে শূন্যলৈ গুলীচালনা আৰক্ষীৰ

উদ্ভণ্ডালি ! ন' পাৰ্কিঙত অটো ৰখাক লৈয়ে শূন্যলৈ গুলীচালনা আৰক্ষীৰ

ডিজিটেল ডেস্কঃ ৰাজ্যত পুলিচ প্ৰশাসনৰ যিমানেই নীতি-নিৰ্দেশনা বাঢ়িছে, জনসাধাৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী বিভাগটোক যিমানেই সতৰ্কবাণী দিছে সিমানেই যেন একাংশই ভেঙুচালি কৰিছে তেওঁৰ নিৰ্দেশনাক। শনিবাৰে নিশাৰ ভাগত তেনে এক ঘটনাই সংঘটিত হয় ডিফু চহৰত।

ডিফু নগৰৰ ১নং পুলিচত পইণ্টত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে। ন’ পাৰ্কিঙত অটো সোমোৱাক লৈয়ে আৰক্ষীজনে সংঘটিত কৰে এই গুলীচালনা। এই অভিযোগ পুলক শৰ্মা নামৰ আৰক্ষীগৰাকীৰ বিৰুদ্ধে। আৰক্ষীজনে শূন্যলৈ গুলীচালনা কৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ।

উল্লেখ্য সাংবাদিককো ভিডিঅ’ কৰাৰ বাবে গুলীয়াবলৈ উদ্যত হৈছিল আৰক্ষীগৰাকী। উদণ্ড আৰক্ষীগৰাকীক ইতিমধ্যে আটক কৰিছে ডিফু থানাৰ বিষয়াই। আনহাতে আৰক্ষী পুলক শৰ্মা নিচাসক্ত বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। কোনো কোনোৱে তেওঁ ড্রাগছ আসক্ত বুলিও অভিযোগ কৰাৰ পৰিলক্ষিত হয়।

উদ্ভণ্ডালি ! ন' পাৰ্কিঙত অটো ৰখাক লৈয়ে শূন্যলৈ গুলীচালনা আৰক্ষীৰ
৯ আগষ্টত ২৪ ঘণ্টীয়া ONGC বন্ধৰ ঘোষণা অসমীয়া যুৱ মঞ্চৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in