/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f86175d6-e5c9-4190-b895-73ec599ea310/88.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট শংকৰদেৱ মন্দিৰ প্ৰাংগণৰ বিহু বাকৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙালী বিহু উৎসৱৰ হীৰক জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ শনিবাৰে শুভাৰম্ভ কৰা হয়। ৬০ টা বৰ্ষ গৰকী যোৱা হাওৰাঘাটৰ সাৰ্বজনীন ৰঙালী বিহুৰ প্ৰথম দিনটোৰ পুৱাৰ কাৰ্যসূচী অনুসৰি মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মমিত খাখলাৰীয়ে।
লগতে পৃথকে পৃথকে আন আন বিশিষ্ট ব্যক্তিসকলে ৬০ খন বিহুৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি কীৰ্তি গগৈয়ে।
ইয়াৰ পিছতে ছহিদ তৰ্পণ , সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৰু ক্ষুদ্ৰ বৰাৰ আবক্ষ মূৰ্ত্তিত পুষ্প অৰ্পণ কৰা হয় । ইয়াৰ পিছত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5d0bc875-042d-4095-aa40-8fdf9d2f7e4a/c7242090_6a6d_43e4_a818_61c2beba7071.jpg)
বিশিষ্ট কবি তথা শিক্ষয়িত্ৰী কল্পনা বৰাৰ পৰিচালনাত ' নাৰী তুমি অৰ্ধ আকাশ ' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সন্ধিয়া কাৰ্বি আংলং জিলা ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
Also Read: ঊৰ্দ্ধমুখী হৈছে নগাঁৱৰ ফলাফল : আয়ুক্তই জনালে শুভেচ্ছা...