কাৰ্বি আংলঙত ডেংগুৰ ভয়াৱহ ৰূপঃ ৰাজ্যৰ ৫৩৭২ গৰাকী আক্ৰান্তৰ ভিতৰত ৪৫৮৪ জনেই পাহাৰীয়া জিলাখনৰ....

কাৰ্বি আংলঙত ডেংগুৰ ভয়াৱহ ৰূপঃ ৰাজ্যৰ ৫৩৭২ গৰাকী আক্ৰান্তৰ ভিতৰত ৪৫৮৪ জনেই পাহাৰীয়া জিলাখনৰ....
কাৰ্বি আংলঙত ডেংগুৰ ভয়াৱহ ৰূপঃ ৰাজ্যৰ ৫৩৭২ গৰাকী আক্ৰান্তৰ ভিতৰত ৪৫৮৪ জনেই পাহাৰীয়া জিলাখনৰ....

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাত ডেংগুৱে লৈছে ভয়াৱহ ৰূপ। ডেংগুৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰোধ কৰিব পৰা নাই ইয়াৰ সংক্ৰমণ। অভিযোগ অনুসৰি জিলাখনত উদ্ভৱ হোৱা এনে পৰিস্থিতিত ৰাজ্যৰ স্বাস্থ্য বিভাগে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ তথ্য অনুসৰিয়েই চলিত বৰ্ষত এই পৰ্যন্ত অসমত মুঠ ৫ হাজাৰ ৩৭২ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে। আনহাতে ৰাজ্যজুৰি এই পৰ্যন্ত মুঠ ৬ জনে এই ৰোগত সংক্ৰমিত হৈ প্ৰাণ ত্যাগ কৰিছে। প্ৰাণ ত্যাগ কৰা মুঠ ৬ জন লোকৰ ভিতৰত ৫ জনেই কাৰ্বি আংলং জিলাৰ।

আনহাতে জিলাখনত ডেংগুৰ সংক্ৰমণ কিমান ভয়াৱহ ৰূপত সংঘটিত হৈছে সেয়া অন্যান্য জিলাসমূহৰ সংক্ৰমিতৰ সংখ্যাৰ প্ৰাৰ্থক্যলৈ লক্ষ্য কৰিলেই ওলাই পৰে। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ভিতৰত ডেংগুত সৰ্বাধিক সংক্ৰমিত জিলাখনেই হৈছে কাৰ্বি আংলং।

তথ্য অনুসৰি ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত কাৰ্বি আংলঙক বাদ দি বাকী ৩৪ খন জিলাত চলিত বছৰৰ জানুৱাৰীৰ ১ তাৰিখৰ পৰা ১৪ ছেপ্টেম্বৰলৈ মুঠ ৭৮৮ গৰাকী লোক সংক্ৰমিত হৈছে। ইয়াৰ বিপৰীতে কাৰ্বি আংলঙতে সংক্ৰমিত হৈছে ৪ হাজাৰ ৫৮৪ গৰাকী লোক।

ৰাজ্যৰ আন আন জিলাৰ পৰিৱৰ্তে পাহাৰীয়া জিলাখনত কিয় এইদৰে ভয়াৱহ হাৰত ডেংগুৰ সংক্ৰমণ বৃদ্ধি পাইছে বা এনে পৰিস্থিতিৰ সূচনা হৈছে তাৰ অন্তৰালৰ প্ৰকৃত কাৰণ এতিয়াও অন্ধকাৰত। এই পৰ্যন্ত হোৱা নাই কোনো বৈজ্ঞানিক অধ্যয়ন।

২০২২ৰ ১ জানুৱাৰীৰ পৰা একেটা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে জিলাখনত ডেংগুত আক্ৰান্ত হৈছিল মাত্ৰ ৬৬ জন লোক। মৃত্যুৰ সংখ্যা আছিল শূন্য। কিন্তু ২০২৩ ৰ ছেপ্টেম্বৰলৈকে কি পৰিস্থিতিত চাৰে চাৰি হাজাৰৰো অধিক লোক ডেংগুত আক্ৰান্ত হোৱাৰ লগতে ৫ জনকৈ লোকে প্ৰাণ হেৰুৱালে সেই বিষয়ে স্বাস্থ্য বিভাগৰ বিশেষজ্ঞৰ দলে অধ্যয়ন কৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।

কিন্তু তেনে পদক্ষেপ এই পৰ্যন্ত গ্ৰহণ কৰা নহ'ল। কেৱল জিলা প্ৰশাসনৰ কিছু নীতি নিৰ্দেশনাৰ মাজেৰেই এই ৰোগৰ সৈতে সহৱস্থান কৰিব লগীয়া হৈছে জিলাখনৰ লোকসকলে।

পাহাৰীয়া জিলাখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পৰা সৰ্বসাধাৰণক ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনে সজাগতা সভা, লিফলেট বিতৰণ, ৰেডিঅ', সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ, ফগিং, স্প্ৰে, আঠুৱ আৰু ৰিপেলেন্ট ক্ৰীম বিতৰণ আদিৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। মাজে মাজে বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠান।

কিন্তু এনে পদক্ষেপেও ডেংগুক প্ৰতিৰোধ কৰিব পৰা নাই জিলাখনত। স্মৰ্তব্য চলিত বৰ্ষৰ মে', জুন মাহত ডেংগুৱে লৈছিল সৰ্বনাশী ৰূপ। ইয়াৰ পূৰ্বে ২০২২ ত অক্টোবৰ আৰু নৱেম্বৰ মাহত জিলাখনত ডেংগুৰ সংক্ৰমণ বৃদ্ধি হৈছিল যদিও এনে পৰিস্থিতিৰ সূচনা হোৱা নাছিল। সেয়েহে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে কাৰ্বি আংলঙৰ এনে পৰিস্থিতিৰ বৈজ্ঞানিক অধ্যয়নৰ পোষকতা কৰিছে।

কাৰ্বি আংলঙত ডেংগুৰ ভয়াৱহ ৰূপঃ ৰাজ্যৰ ৫৩৭২ গৰাকী আক্ৰান্তৰ ভিতৰত ৪৫৮৪ জনেই পাহাৰীয়া জিলাখনৰ....
উত্তাল পৰিৱেশৰ মাজেৰে সমাপ্ত হ'ল বিধানসভাৰ শৰৎকালীন অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in