উত্তাল পৰিৱেশৰ মাজেৰে সমাপ্ত হ'ল বিধানসভাৰ শৰৎকালীন অধিৱেশন...

উত্তাল পৰিৱেশৰ মাজেৰে সমাপ্ত হ'ল বিধানসভাৰ শৰৎকালীন অধিৱেশন...
উত্তাল পৰিৱেশৰ মাজেৰে সমাপ্ত হ'ল বিধানসভাৰ শৰৎকালীন অধিৱেশন...

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিমটো দিনত মুঠ ৪ বাৰকৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হ’ল অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিৰোধী কংগ্ৰেছৰ বিধায়কসকলৰ লগতে ৰাইজৰ দলৰ বিধায়কসকলে উত্তাল কৰি ৰাখে সদন।

প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱা অন্তিমটো দিনৰ কাৰ্যসূচীৰ আৰম্ভণিৰ পৰাই উত্তাল হৈ পৰে সদন। এই প্ৰশ্নোত্তৰ শিতানত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, খনি আৰু খনিজ বিভাগ, ভূমি সংৰক্ষণ বিভাগ, তথ্য প্ৰযুক্তি বিভাগ, জলসিঞ্চন বিভাগ, পাহাৰ এলেকা বিভাগ, হস্ততাঁত আৰু বস্ত্ৰতাঁত বিভাগ, গৃহ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ আদিৰ বিষয়ে কেইবাজনো শাসক, বিৰোধী বিধায়কে প্ৰশ্ন উত্থাপন কৰাৰ লগতে ইয়াৰ উত্তৰ সদনত দাখিল কৰে।

উল্লেখ্য যে, যোৱা ৩ দিন ধৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ সদন উত্তাল হৈ থকাৰ মাজতে ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা শৰৎকালীন অধিৱেশনত মুঠ ২৬ খন বিধেয়ক গৃহীত কৰা হয়। ইয়াৰ ভিতৰত অন্তিমটো দিনত গৃহীত কৰা হয় মুঠ ৪ খন বিধেয়ক গৃহীত কৰে।

মন্ত্ৰী পীযুষ হাজৰিকাই উত্থাপন কৰা 'দ্যা আছাম বেকৱাৰ্ড ক্লাছেছ কমিশ্যন (সংশোধিত) বিল-২০২৩', ডাঃ ৰণোজ পেগুৱে 'দ্যা আছাম ৰিপিয়েলিং বিল-২০২৩', মন্ত্ৰী সঞ্জয় কিষাণে 'দ্যা আছাম গ্ৰেছুইটি (সংশোধি) বিল-২০২৩', 'দ্যা আছাম প্লাণ্টেশ্যন প্ৰভিডেণ্ট ফাণ্ড এণ্ড পেনশ্যন ফাণ্ড এণ্ড ডিপোজিট ইঞ্চোৰেঞ্চ লিংক স্কিম (সংশোধিত) বিল-২০২৩' উত্থাপন কৰাৰ লগতে গৃহীত কৰা হয়।

ইয়াৰোপৰি গঠন কৰা হৈছে মুঠ ৫ খন ভিন্ন কমিটী। নুৰুল হুদাক সভাপতি হিচাপে লৈ চৰকাৰী হিচাপ কমিটী, প্ৰশান্ত ফুকনক সভাপতি হিচাপে লৈ প্ৰাক কলন কমিটী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সভাপতি হিচাপে লৈ ৰাজহুৱা উদ্যোগসমূহৰ কমিটী, ভূৱন পেগুক সভাপতি হিচাপে লৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি কল্যাণ কমিটী আৰু ৰঞ্জিত দত্তক সভাপতি হিচাপে লৈ অন্যান্য পিছপৰা আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ সমিতি গঠন কৰাত অনুমোদন জনাইছে অধ্যক্ষই।

৫ দিনীয়া এই অধিৱেশনত এইবাৰ ৰাজ্যজুৰি সৃষ্টি হোৱা বিদ্যুৎ নাটনিৰ সমস্যা সন্দৰ্ভত সভা স্থগিত কৰি আলোচনা কৰাৰ উপৰিও কেইবাটাও নতুন বিতৰ্কৰ সূত্ৰপাত হয়। বিশেষকৈ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসংসদীয় আচৰণ আৰু এই আচৰণৰ পাছতো অধ্যক্ষৰ আওকানৰ বিষয়টোক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে।  

নৱ নিৰ্মিত স্থায়ী বিধানসভা ভৱনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ তিনিদিন চৰকাৰী আৰু ২ দিন বেচৰকাৰী কাৰ্যসূচী অনুষ্ঠিত হয়। এইবাৰৰ অধিৱেশনৰ প্ৰথম দিনটোতে অসম বিধানসভাৰ চৌহদত নিৰ্মিত মহামানৱ মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়।

উত্তাল পৰিৱেশৰ মাজেৰে সমাপ্ত হ'ল বিধানসভাৰ শৰৎকালীন অধিৱেশন...
স্বচ্ছ নিযুক্তি ! জালুকবাৰীৰ ৫৬ বছৰীয়া লোকেও পালে স্বাস্থ্য বিভাগৰ চাকৰি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in