কাৰ্বি পাহাৰৰ হাতীৰ বিচৰণস্থলীত বহিৰাগত বণিকগোষ্ঠীৰ হোটেল নিৰ্মাণ

কাৰ্বি পাহাৰত হাতীৰ বিচৰণস্থলীত বহিৰাগত বণিকগোষ্ঠীৰ হোটেল নিৰ্মাণ

author-image
Asomiya Pratidin
New Update
কাৰ্বি পাহাৰৰ হাতীৰ বিচৰণস্থলীত বহিৰাগত বণিকগোষ্ঠীৰ হোটেল নিৰ্মাণ

ডিজিটেল সংবাদ, কাজিৰঙাঃ এফালে গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ ৰাজ্যৰ বন বিভাগ তথা চৰকাৰৰ। আনফালে বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে অবাধ গতিত বন ধ্বংস কাজিৰঙাত৷

উল্লেখ্য যে, ক্ৰমে ধ্বংসৰ গৰাহলৈ কাজিৰঙাৰ আশীৰ্বাদস্বৰূপ কাৰ্বি পাহাৰ৷ কাৰ্বি পাহাৰৰ সেউজ ভূমিত এতিয়া বনদস্যুৰ হাতোৰা৷ এফালৰ পৰা ধ্বংস কৰা হৈছে মনোৰম সেউজীয়া কাৰ্বিপাহাৰ।

এফালে যদি পাহাৰত গছ কাটি তহিলং কৰা হৈছে আনফালে বণিকগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলিছে ৷ এইবাৰ সুউচ্চ কাৰ্বিপাহাৰ ক্ৰয় কৰি বহিৰাগত বণিকগোষ্ঠীয়ে হোটেল নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷

ইতিমধ্যে এটা পাহাৰৰ বৃহৎ অংশত আৰম্ভ হৈছে বাউণ্ডেৰী ৱালৰ কাম৷ হাতীৰ সঘন আহ যাহ তথা বিচৰণভূমি হিচাপে পৰিগণিত হোৱা অঞ্চলটোত ওৱাল স্থাপন কৰা হৈছে৷ নিৰ্বিকাৰ বন বিভাগ-প্ৰশাসন,যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত কাজিৰঙাত।

Also Read: ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ
ৰাজ্যৰ শিক্ষা বিভাগক গৰিহণা...

kaziranga