ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ  ৰাজ্যৰ শিক্ষা বিভাগক গৰিহণা...

বাৰ্ষিক আৰ্থিক অনুদানৰ অব্যৱহৃত পুঁজি সুদ সহ উভতাই দিবলৈ দিয়া নিৰ্দেশক উভতি ধৰিছে ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাই

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাৰ  
ৰাজ্যৰ শিক্ষা বিভাগক গৰিহণা...

Dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে অসমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহলৈ আবন্তিত সমসাজ আৰু বাৰ্ষিক আৰ্থিক অনুদানৰ অব্যৱহৃত পুঁজি সুদ সহ উভতাই দিবলৈ দিয়া নিৰ্দেশক উভতি ধৰিছে ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সংস্থাই । জিলা হাইস্কুল শিক্ষক সন্থাৰ শনিবাৰে অনুষ্ঠিত এক বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই চৰকাৰে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ।

সংস্থাৰ স্থায়ী কাৰ্য্যালয়  "শিক্ষক ভৱন" প্ৰাংগণত শনিবাৰে বিয়লি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সভাপতি খগেন সিঙে । সম্পাদক লক্ষী হাতী বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সংস্থাৰ প্ৰায় ২৫ গৰাকী কাৰ্যনিৰ্বাহক উপস্থিত থাকে।

সভাতে এনে চৰকাৰী হঠকাৰী সিদ্ধান্তক একেমুখে গৰিহণা দি সংস্থাই তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে এনে অনাকাংক্ষিত ,অশৈক্ষিক বাতাবৰণ সৃষ্টিকাৰী ,চৰকাৰী বিদ্যালয় সমূহলৈ শিক্ষাৰ্থী বিমুখ কৰি শিক্ষানুষ্ঠান সমূহ  ধ্বংসৰ কৰাল গ্ৰাসলৈ  নিক্ষেপ নকৰিবলৈ চৰকাৰ আৰু শিক্ষা বিভাগক সকীয়াই দি প্ৰস্তাৱ গ্ৰহণ কৰে।

dhakuakhana assam govt ranoj pegu assam education dept teacher