/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2eb441b1-6a3e-411d-b7d6-6fba2806aa95/94.jpg)
ডিজিটেল সংবাদ,বোকাজান : দেশত দ্বিতীয় পৰ্য্যায়ত ২৬ এপ্ৰিলত হ’ব লগা লোকসভা নিৰ্বাচনত ৬ নং ডিফু লোকসভা সমষ্টিৰো ভোটগ্ৰহণ হ’ব ৷ সেয়ে দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বোকাজান,হাওৰাঘাট আৰু বৈঠালাংচ’ত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/27810bd3-8172-43fa-8daf-3889da9defc7/438059669_1008310563991977_1166586628144067088_n.jpg)
মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনী সভাত জনতাক দিল্লীত নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিলেহে ৰাজ্যৰ লগতে কাৰ্বি আংলং,ডিমা হাছাওৰ উন্নয়নৰ গতি তৰাম্বিত হ’ব বুলি কয় ৷ তেওঁ এইবাৰ কাৰ্বি আংলং জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০% উত্তীৰ্ণ হোৱাৰ কাৰণ হিচাবে শান্তিৰ পৰিবেশ বুলি কয়।
ছাত্ৰ-ছাত্ৰীসকলৰ কলেজত নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে ছাত্ৰীসকলক ১০ হাজাৰ টকাকৈ দিব বুলি কয় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক বিনামূলীয়া চাউল দিয়াৰ লগতে কম দামত গেছ চিলিণ্ডাৰ আৰু গৃহ নিৰ্মাণ কৰি দিয়া বুলি কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/78976ad1-12cc-432f-a79c-58e73dbfd316/438734087_1008310333992000_8660696784482554159_n.jpg)
তেওঁ কয়- আমি এক লাখ যুৱক-যুৱতীক চাকৰি দিছো ৷ আকৌ ৫০ হাজাৰক দিম ৷ এতিয়া দিল্লী , দিছপুৰ আৰু কাৰ্বি আংলঙত তিনিটা ইঞ্জিনৰ চৰকাৰ থকাৰ বাবে উন্নতি দ্ৰুতগতিত হোৱা বুলি দাবী কৰি লাখপতি বাইদেউক আৰু মহিলাসকলক অৰুণোদয় আচঁনি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৷
তেওঁ APHLC ক নেতাৰ দল ৰাইজৰ দল নহয় বুলি কটাক্ষ কৰাৰ লগতে কংগ্ৰেছক অচল টকা বুলি অভিহিত কৰে ৷ তেওঁ বোকাজানৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ক্লেংডুং ইংতিক কাষলৈ মাতি কয় যে এওঁ বীৰেনছিং ইংতিৰ ল’ৰা ৷ এতিয়া বিজেপিত ৷ ই বুজিছে কংগ্ৰেছত থাকি লাভ নাই ৷
আনহাতে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ডিফু সমষ্টিটোত বিৰোধী নায়েই ৷ গ’লকীপাৰ নোহোৱা ফিল্ডত বিজেপিয়ে যিমান পাৰি গ'ল দিব বুলি কয় ৷ পাহাৰৰ শিক্ষা ব্যৱস্থা উন্নত হোৱা বুলি কৈ তেওঁ কয়- এইবাৰ মেট্ৰিকত ৮০% পাছ কৰিছে। পাহাৰৰ বহু ল’ৰা-ছোৱালীয়ে এইবাৰ মেজিষ্ট্ৰেট পাইছে ৷ ৭% ৰিজাৰ্ভেছন আছে। সেয়ে আকৌ ৫০ হাজাৰ চাকৰি দিম। সকলোৱে আবেদন কৰক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6b7fd8c6-f52a-478a-992d-47f29950987b/438717460_1008310173992016_2652300305133483783_n.jpg)
ইয়াৰোপৰি ডিফু মেডিকেল কলেজৰ প্ৰসঙ্গত তেওঁ কয়- এয়া ১০ বছৰীয়া পৰিক্ৰমা ৷ পোষ্ট গেজুৱেট এইবাৰৰ পৰা হ’ব ৷ সকলোৱে অৰুণোদয় পাইছে চাকৰি পাইছে ৷ সেয়ে সংখ্যালঘু সংখ্যাগুৰু সকলো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে ৷
ভূপেন বৰাই গৌৰৱ গগৈ জয়ী হ’লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব নেকি বুলি কৰা প্ৰশ্নৰ প্ৰসঙ্গত কয় যে, এতিয়া লম্ফজম্ফ কৰি লাভ নাই ৷ এতিয়া সকলো ই ভি এমত বন্দী ৷ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনতো বিজেপিৰ ভাল হ’ব বুলি তেওঁ দাবী কৰে ৷
Also Read: প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে ইডেনত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু