/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e6cb15a1-fd84-4189-8349-1f46f499a2da/AP_FOR_WEB_garemsa.jpg)
লাংহিনত 'গেৰেমছা লিটাৰেৰী গীল্ড' ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন...
ডিজিটেল সংবাদ হাওৰাঘাটঃ বড়ো ভাষাৰ উন্নয়নৰ স্বাৰ্থত আৰু এখন সৰু ঠাইৰ পৰা কেনেকৈ বড়ো ভাষাক বিশ্ব দৰবাৰলৈ আগুৱাই নিব পাৰি সেই মহৎ উদ্দেশ্য আগত ৰাখি ১৯৯৮ চনৰ ২৬ এপ্ৰিলত গঠন কৰা 'গেৰেমছা লিটাৰেৰী গীল্ড'(GLG) ৰ ২৫ বছৰীয়া বৰ্ষপূৰ্টি উপলক্ষে আজি লাংহিনৰ বিবাহ ভৱনত এদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনলাইন আৰু অফলাইনৰ জৰিয়তে কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে 'গেৰেমছা লিটাৰেৰী গীল্ড'ৰ সভাপতি ঋতুৰাজ বসুমতাৰীয়ে । ইয়াৰ পিছতে ঋতুৰাজ বসুমতাৰীৰ সভাপতিত্বত পুথি উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e9bf73ac-1d59-4176-a136-84b2a3e30826/3a332e5e_71dc_4293_82da_13cbd1bbb22c.jpg)
ইয়াত 'SWMKHWR SWDWBNI FWTHER' আৰু 'বৰ সমাজ আৰু হাৰিমু' উন্মোচন কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে আৰু স্মৃতি গ্ৰন্থ 'ফুলুং' উন্মোচন কৰে লাংহিন নগৰ পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্মই । পুৱা ৯ বজাত অনলাইনৰ যোগেদি অনুষ্ঠিত কৰা হয় কবিতা পাঠৰ অনুষ্ঠান ।
ইয়াত সভাপতিত্ব কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰে । আঁত ধৰে GLG ৰ সম্পাদক লংকেশ্বৰ হাইনাৰীয়ে । অনলাইনৰ কবিতা পাঠৰ অনুষ্ঠান উদ্বোধন কৰে বি টি আৰ'ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e88f724a-0aef-472c-a425-c8e9653fc343/3afc6256_7fd6_46eb_ad13_2ac6f88a47cd.jpg)
নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° অনিল বড়োৱে । অনলাইনৰ কবিতা পাঠৰ অনুষ্ঠানত বড়ো সাহিত্য সভাৰ উপ-সভাপতি চিতাৰাম বসুমতাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক তথা অধ্যাপিকা অঞ্জু নাৰ্জাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক মুদাই গাহাই আৰু উপমা ৰাণী দৈমাৰীয়ে কবিতা পাঠ কৰে ।
অনলাইনৰ কবিতা পাঠৰ পিছতে পুনৰ অফলাইনত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ইয়াত GLG ৰ সদস্যৰ লগতে বহুকেইজন বিশিষ্ট কবি ক্ৰমে থানেশ্বৰ গয়াৰী, দালছিং বসুমতাৰী, ড° প্ৰেমানন্দ মোছাহাৰী, মগেশ নাৰ্জা বড়ো, কৃষ্ণ মোহন বসুমতাৰী, দদেৰে মাইনাও বড়ো, ৰূপালী বসুমতাৰী, চনিয়া বাগলাৰী, কবিতা বসুমতাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, গায়ত্ৰী নাৰ্জাৰী, ৰানিখা বসুমতাৰী, সময়না দৈমাৰী আদিয়ে বড়ো ভাষাত স্বৰচিত কবিতা পাঠ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/4202c7ad-123d-47c3-b497-7032252fb4db/2310c8e1_750e_4ec9_95a5_80c0973b1328.jpg)
এই অনুষ্ঠানতে GLG ৰ প্ৰতিষ্ঠাপক সভাপতি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিশ্বেশ্বৰ বসুমতাৰীয়ে স্বৰচিত অনুগল্প আৰু কবিতা পাঠ কৰে । বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শান্তিৰাম বসুমতাৰীয়ে গল্প পাঠ কৰাৰ লগতে শ্বেইকছপীয়েৰৰ অনুদিত চিঠি এখন পাঠ কৰে শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰত্নেশ্বৰ নাৰ্জাৰীয়ে।
সভাত বড়ো কছাৰী ৱেলফেয়াৰ স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰীয়ে উপস্থিত থাকি ভাষণ দিয়ে ।