/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5bc7ab2d-c56d-4837-abb4-d0be899594b8/53.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : "বিজেপি চৰকাৰ আহিলে ১ লাখ চাকৰি ঘোষণা কৰিছিলো। মই বিশ্বাস কৰিব নোৱাৰিছিলো,অসম্ভৱ কথা। পিছত সেয়া কাৰ্যকৰী হৈছিল। কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিল।
যেতিয়া ৯৭ হাজাৰ নিবনুৱা যুৱক -যুৱতীক চৰকাৰী চাকৰি দিলোঁ, তাক মই আজি এই মঞ্চৰ পৰা গৌৰৱেৰে কও; কিন্তু এতিয়া চাকৰিৰ নামত কোনো দালালি কৰি টকা ল'ব নোৱাৰে। তাৰ ৰাস্তা বন্ধ কৰি দিলোঁ ।" বিহদিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে।
লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩৫ হাজাৰ নতুন চৰকাৰী জুলাই মাহত ল'বলৈ যুৱক -যুৱতীসকলক সাজু হ'বলৈ আহ্বান জনায় । তাৰ ভিতৰত আৰক্ষী, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
"অৰুণোদয় আচঁনিৰ বাবদ ৮০০ টকাৰ ঠাইত ১২৫০ টকাকৈ মহিলাসকলে লাভ কৰিবলৈ সক্ষম হৈছে, কংগ্ৰেছে অৰুণোদয় আচঁনিক তাৰ বাবে ভেল্কিবাজী বুলি কৈছিল, কিন্তু এতিয়া সকলোৱে লাভ কৰিছে। ইয়াৰ উপৰি ৰেচন কাৰ্ড ৪২ লাখ লোকে লাভ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/862e2918-621a-4453-bd68-4124ab01cc5e/afa4d8a7_383b_458b_80cc_fce8ecaff5f5.jpg)
এই ৰেচন কাৰ্ড থকা লোকসকলক একেলগে অৰুণোদয় আচঁনিৰ ধন লাভ কৰিব পাৰিব লগতে ৰেচন কাৰ্ড থকা লোকসকলৰ ঘৰৰ মুৰব্বীগৰাকীক চিকিৎসাৰ বাবদ বিনামূলীয়াকৈ বীমা আচঁনিৰ ব্যৱস্থা গ্ৰহণ কৰা হব।" বুলি ড০ শৰ্মাই কয়।
তদুপৰি মহিলাসকলৰ বাবে লাখপতি বাইদেউ আচঁনি পাবলৈ সক্ষম হ'ব লাগিলে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰীৰূপে পুনৰবাৰ নিৰ্বাচনত জয়ী কৰাৰ বাবে বিজেপিক ভোট দিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বুধবাৰে কামৰূপ জিলাৰ বাবে ৬৩৫ কোটি টকাৰ আচঁনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি হেজাৰ হেজাৰ জনতাক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে লাখপতি বাইদেউ আচঁনিৰ ১০ হাজাৰ টকা লাভ কৰাৰ ধনৰ সফলতাৰে ভাল কৰাৰ পিছত ২৫ হাজাৰকৈ টকা প্ৰদান কৰা হ'ব বুলি জনায় । তাৰ ভিতৰত ১২৫০০ টকা বেংকক ঘূৰাই দিব লাগিব যদিও আচঁনিৰ হিতাধিকাৰীসকলে সুত দিব নালাগে ।
আজিৰ এই অনুষ্ঠানৰ জৰিয়তে কামৰূপৰ বিহদিয়া জাজিকোণাত ৬৩৫ কোটি টকাৰ আচঁনিৰ শুভ উদ্বোধন কৰে। লগতে পথৰ আধাৰশিলাস্বৰূপে হাজোত ইনডোৰ ষ্টেডিয়াম, ৰঙিয়াত বি এড কলেজ, আইন মহাবিদ্যালয়, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা প্ৰাংগন, হাজো সমষ্টিৰ আৰক্ষী থানা ভৱনৰ আধাৰশিলা স্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5fde2863-1271-46be-adb4-8479bb468164/65251c9c_8dee_4ce6_a674_caa3d13ff871.jpg)
ইয়াৰোপৰি বকোত শিশু আৰু মাতৃৰ বাবে বৃদ্ধাবাসকে ধৰি হাজোত নতুন কাৰাগাৰ, গোৰেশ্বৰ-বাইহাটা-বগামাটি পথ, ৰঙিয়া ক্ৰীড়া সন্থা,স্পোৰ্ট হোষ্টেল,এন কে ডিভিজনৰ নতুন ঘৰৰ লগতে বালিকুচি পথকে ধৰি কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে । তাৰোপৰি কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ সমষ্টিত বিহদিয়া হাস্পতালৰ বাবে ৩০খন বিচনাযুক্তৰে আন্তঃগাথঁনিৰে সুন্দৰকৈ গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰে ।
ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্য চৰকাৰৰ ৪৯ হাজাৰ কোটি টকাৰ আচঁনিৰ জৰিয়তে বিকাশ যাত্ৰাৰ আৰম্ভণি কৰা হৈছিল। নগাঁৱৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ আজি কামৰূপ জিলাৰ বিহদিয়াত সামৰণি পৰে।
বিধায়ক দিগন্ত কলিতাই প্ৰাস্তবিক ভাষণেৰে আৰম্ভ কৰা আজিৰ এই বিহদিয়াৰ শুভ উদ্বোধন অনুষ্ঠানত দৰং-ওদালগুৰি জিলাৰ লোকসভাৰ মনোনীত প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়াই উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰি কয় যে, কামৰূপ জিলাৰ বাবে আজি গৌৰৱৰ দিন। যাৰ বাবে ৮২ টা আচঁনিৰ জৰিয়তে ৬৩৫ কোটি টকাৰ ব্যয়ৰ আধাৰশিলা মুকলি হয়। লগতে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ নৰেন্দ্ৰ মোদীক জয়ী কৰি আনিবলৈ ৰাইজক গণতান্ত্ৰিক ভোট সাব্যস্ত কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/593b7976-bf48-4cc2-8a55-bd7cbebe9162/d4165d49_ce79_4fff_ba30_318c3fe0f6f1.jpg)
আনহাতে আজিৰ আধাৰশিলা শুভ উদ্বোধন অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক সুমন হৰিপ্ৰিয়া, ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাকে ধৰি কেইবাহাজাৰ স্থানীয় ৰাইজ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।
Also Read: কঠীয়াতলীত ৩টা নতুন পথৰ শুভ উদ্ধোধন বিধায়ক জিতু গোস্বামীৰ