/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/98ede24c-c132-4917-8e8e-235b42346223/551.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সেৱা বাহিনীৰ সহযোগত আৰু বোকাখাত জিলা শাখাৰ আতিথ্যত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহখনি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ সোমবাৰে সামৰণি পৰে। বোকাখাতত অনুষ্ঠিত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহত ৰাজ্যৰ অন্যান্য বিদ্যালয়ৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ে ২০২৩ বৰ্ষত শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/772069bd-f3ef-4e65-ac66-2b6eec8fbf9f/dd2af63f_031d_430f_ba0d_d603b4e38919.jpg)
বিদ্যালয়খনে ১১ টা সোণ, ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকৰে মুঠ ২১ টা পদক লাভ কৰে। এই কৃৰ্তিত্ব অৰ্জনেৰে হাওৰাঘাট তথা সমগ্ৰ কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
Also Read: কাজিৰঙাত ৯ সহস্ৰাধিক বাহনৰ পৰা কোটিৰ ঘৰত ৰাজহ সংগ্ৰহ বিভাগৰ