কাজিৰঙাত ৯ সহস্ৰাধিক বাহনৰ পৰা কোটিৰ ঘৰত ৰাজহ সংগ্ৰহ বিভাগৰ

কাজিৰঙাৰ ৰাজপথত পৰিবহন বিভাগৰ চোকা নজৰ
কাজিৰঙাত ৯ সহস্ৰাধিক বাহনৰ পৰা কোটিৰ ঘৰত ৰাজহ সংগ্ৰহ বিভাগৰ

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ ৰাজপথত পৰিবহন বিভাগে ৰাখিছে চোকা নজৰ। জানিব পৰা অনুসৰি ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে প্ৰায় ৯ হাজাৰ ৫০০ বাহনৰ পৰা প্ৰায় ২ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে পৰিবহন বিভাগে।

সমান্তৰালকৈ কাজিৰঙাৰ এনিমেল কৰিড’ৰসমূহত ক্ৰমে বৃদ্ধি পাইছে বন্যজন্তুৰ আহ-যাহ ৷ আনহাতে বনবিভাগ আৰু প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰা সত্বেও একাংশ উদণ্ড চালকৰ উশৃংখলতাই বন্যজন্তুৰ বাবে বিপদ কঢ়িয়াই আনিছে বুলি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতিবেগ ঘণ্টাত সৰ্বাধিক ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷ জৰিমনাও বিহা হৈছে বহু যান-বাহনৰ বিৰুদ্ধে ৷

অৱশ্যে ইয়াৰ পিচতো আইনক কেৰেপ নকৰি যান-বাহন চলোৱা একাংশ চালকৰ বাবে সংঘটিত হৈছে বহু দুৰ্ঘটনা ৷ এইক্ষেত্ৰত চালকসকলৰ প্ৰতি পৰিবহন বিভাগৰ আহ্বান যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কেৱল বিভাগীয় সমস্যা হৈ থাকিব নালাগে ৷ ই সকলোৰে বাবে জাতীয় দায়িত্ব হিচাপে পৰিগণিত হওঁক ৷

কাজিৰঙাত ৯ সহস্ৰাধিক বাহনৰ পৰা কোটিৰ ঘৰত ৰাজহ সংগ্ৰহ বিভাগৰ
বালিসত্ৰত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in