দুঃসাহক ! বোকাজান আৰক্ষী থানাৰ সন্মুখেৰে ড্ৰাগছ সৰবৰাহ

দুঃসাহক ! বোকাজান আৰক্ষী থানাৰ সন্মুখেৰে ড্ৰাগছ সৰবৰাহ

ডিজিটেল সংবাদ, বোকাজানঃ পুনৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সফলতা।শনিবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী থানাৰ বিষয়া মঞ্জিত তেৰাঙৰ উপস্থিতিত লাহৰিজান দিশৰ পৰা আহি থকা এ এছ০৯এচি৮৬৪২ নম্বৰৰ এখন যাত্ৰীবাহী অট'ত তালাচী চলাই জব্দ কৰে ড্ৰাগছ।

৭টা চাবোনৰ বাকচত উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ৮৭.৬৪গ্ৰাম। উল্লেখ্য উক্ত ড্ৰাগছখিনি নিষিদ্ধ হেৰ'ইন বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই। আনহাতে ঘটনাৰে জড়িত থকাৰ অপৰাধত বোকাজানৰ দুজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। সৰবৰাহকাৰী দুজনে অতি কৌশলতাৰে জব্দকৃত হেৰ'ইনখিনি ডলাৰ মাজত লুকুৱাই নিছিল।

ইপিনে জব্দকৃত হেৰ'ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক ১০লাখ হ'ব বুলি জানিব পৰা গৈছে।

দুঃসাহক ! বোকাজান আৰক্ষী থানাৰ সন্মুখেৰে ড্ৰাগছ সৰবৰাহ
ধেমাজিতো লোক কল্যাণ দিৱস উদযাপনঃ জিলা পৰ্য্যায়ত দুজনলৈ লোকসেৱা বঁটা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in