ধেমাজিতো লোক কল্যাণ দিৱস উদযাপনঃ জিলা পৰ্য্যায়ত দুজনলৈ লোকসেৱা বঁটা

ধেমাজিতো লোক কল্যাণ দিৱস উদযাপনঃ জিলা পৰ্য্যায়ত দুজনলৈ লোকসেৱা বঁটা

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩তম মৃত্যু তিথি উপলক্ষে শনিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত "লোক কল্যাণ দিৱস" উদযাপন কৰা হয় ৷ এই উদ্দেশ্য বিয়লি ৩.০০ বজাত অনুষ্ঠিত হোৱা সভাৰ বাখ্যা কৰে ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত সঞ্জীৱ ফুকনে ৷

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে মৰিঢল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈয়ে। বক্তব্যত অৱসৰপ্ৰাপ্ত অধ্যক্ষ গগৈয়ে লোক প্ৰিয় গোপীনাথ বৰদলৈয়ে অসমীয়া জাতিটোৰ বাবে কৰি যোৱা কামবোৰৰ বিষয়ে সোঁৱৰি কয় যে- তেতিয়াৰ দিনতে গোপীনাথ বৰদলৈয়ে চৰকাৰী কৰ্মচাৰীসকলে পোৱা দৰমহাৰ এটা অংশ বানপীড়িত লোকলৈ আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷

তদুপৰি তেওঁ শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে উঠি পৰি লাগিছিল বুলি উল্লেখ কৰি মহান নেতাগৰাকী নোহোৱা হ'লে আমি আজিও কেৱল পাকিস্তানৰ এটুকুৰা ঠাইতে জীৱন অতিবাহিত কৰিবলগীয়া হ'লহেতেন বুলি উল্লেখ কৰে। তেওঁ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কৰ্মৰাজিৰ সম্পৰ্কে ৰোমন্থন কৰে। ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে অনুষ্ঠানত উপস্থিত থাকি লোক কল্যাণ দিৱস সম্পৰ্কে চমুকৈ বক্তব্য ৰাখে। তেওঁ এইবাৰ ৰাজ্যিক ভিত্তিত চৰকাৰে কেইবাজনকো সন্মান জনোৱাৰ লগতে ধেমাজি জিলাতো জিলা ভিত্তিত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক তথা নাৰ্জিৰ লক্ষীনাথ গগৈ আৰু ধেমাজি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা কাৰ্যালয়ৰ মুখ্য সহায়ক নিত্যানন্দ চেতিয়াই লোক সেৱা বটাঁ লাভ কৰাৰ বাবে দুয়োগৰাকীক শুভেচ্ছা জনায়।

অনুষ্ঠানত ধেমাজি জিলাপৰিষদৰ সভাপতি মোহন গগৈ, মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰা, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, ধেমাজি জিলা নগৰ প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাঘ্ৰী, জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকল লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ উল্লেখ্য ইয়াৰ আগে লোক সেৱা বটাঁ লাভ কৰা লক্ষীনাথ গগৈ আৰু নিত্যানন্দ চেতিয়াক জিলা আয়ুক্তই গামোছা, মানপত্ৰ, শৰাই, নগদ ২৫ হেজাৰ টকা আৰু এবছৰ চাকৰিকাল বৃদ্ধি প্ৰমানপত্ৰ দি সম্বৰ্ধনা জনায়৷

ধেমাজিতো লোক কল্যাণ দিৱস উদযাপনঃ জিলা পৰ্য্যায়ত দুজনলৈ লোকসেৱা বঁটা
কাৰ্বি ভাষাৰ সন্দৰ্ভত ডিফুত আলোচনা চক্ৰৰ আয়োজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in