/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/eb74d988-0244-46f8-a5b5-666fcd58c17f/biscuit_16.jpg)
অসম দেশৰ বিষম কথা- বেকাৰীত তৈয়াৰ হোৱাৰ পূৰ্বেই বিস্কুট খাই গ্ৰাহকে
ডিজিটেল ডেস্কঃ বেকাৰীত তৈয়াৰ হোৱাৰ পূৰ্বেই গ্ৰাহকক বিক্ৰী কৰা হয় বিস্কুট। গ্ৰাহকে হোটেল বা আন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা বিস্কুট ক্ৰয় কৰাৰ পাছতহে খাবলৈ প্ৰস্তুত কৰা হয় বিস্কুট। আন কোনোবা স্থানত এয়া অসম্ভৱ হ'লেও গুৱাহাটীত সেয়াই সম্ভৱ। কিয়নো ১৬ অক্টোবৰতে গুৱাহাটীত বিক্ৰী হয় ১৭ অক্টোবৰত তৈয়াৰ কৰা বিস্কুট।
গুৱাহাটীৰ এটা খাদ্যপ্ৰস্তুকাৰী প্ৰতিষ্ঠা নিউ ফিলিপছ বেকাৰী। এই বেকাৰীটো আছে শিজুবাৰীত। আনহাতে ইয়াৰ শ্ব'ৰুম আছে ভঙাগড়ত। এই বেকাৰীটোতে তৈয়াৰ হোৱা এবিধ বিস্কুট বহুলভাৱে বিক্ৰী হয় গুৱাহাটীৰ বিভিন্ন স্থানত।
বিশেষকৈ পদপথৰ চাহৰ দোকানত এই বিস্কুট হয়তো বহুতেই খাইছে। নতুবা ঘৰত খাবলৈ বহুতেই ক্ৰয় কৰিছে। ২৫ টকা মূল্যৰ এই বিস্কুটৰ কেইটামান পেকেটৰ ফটো আহি পৰিছে আমাৰ হাতত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b3b26e58-87f6-4ea6-aabd-d3528a70e15f/1bee70bf_d9db_4c53_b233_9b9040cd7026.jpg)
এগৰাকী গ্ৰাহকে খাবলৈ ক্ৰয় কৰা এই বিস্কুটৰ পেকেটত আছে এখন কাগজ। কাগজখনত প্ৰীণ্ট কৰি লিখি দিয়া হৈছে প্ৰতিষ্ঠানটোৰ বিষেয়। লগতে তলত স্পষ্টকৈ প্ৰীণ্ট কৰিয়েই সোঁৱৰাই দিয়া হৈছে পেকেজিং কৰাৰ ৪৫ দিনৰ ভিতৰত এই বিস্কুট খাবলৈ। ইয়ালৈকে সকলো ঠিকেই আছে।
কিন্তু কাগজখনৰ কাষত ষ্টাম্প মাৰি উল্লেখ কৰা হৈছে এটা তাৰিখ। ১৭ অক্টোবৰ ২০২৩। অৰ্থাৎ ১৭ অক্টোবৰত এই বিস্কুট খোৱাৰ বাবে তৈয়াৰ কৰা হৈছে। কিন্তু মূল কথা হ'ল কেলেণ্ডাৰ অনুসৰি আজিৰ দিনটোৰ তাৰিখ ২০২৩ ৰ ১৬ অক্টোবৰ।
তাৰমানে এই প্ৰতিষ্ঠানটোৰ কৃপাত ৰাইজে তৈয়াৰ হোৱাৰ পূৰ্বেই খালে তেওঁলোকৰ বিস্কুট। এইদৰেই এতিয়া গুৱাহাটীত চলি আছে একাংশ প্ৰতিষ্ঠান। এই বিস্কুটৰ পেকেট দৰাচলতে কেতিয়া প্ৰস্তুত কৰা সেয়া কোৱা সম্ভৱ নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0b23b416-ef8f-4004-ae66-23f29a745295/664cade6_4837_4e8f_9ee8_1e98baffd7b0.jpg)
১৭ অক্টোবৰৰ পূৰ্বেই তৈয়াৰ কৰি এইদৰে বজাৰত ১৭ অক্টোবৰত তৈয়াৰ কৰা বুলি দেখুওৱা বিস্কুটৰ পেকেট প্ৰকৃততে কেতিয়া তৈয়াৰ কৰা হৈছিল সেয়া সংশ্লিষ্ট বিভাগৰ তদন্ততহে পোহৰলৈ আহিব। খাদ্য সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই মহানগৰীৰ মাজমজিয়াত এইদৰে জনস্বাস্থ্যৰ প্ৰতি হেতালি খেলা প্ৰতিষ্ঠানক এতিয়া নাকি লগাব কোনে?
কাৰ আশীৰ্বাদ অথবা কাৰ সাহসত এইদৰে এনে এচাম প্ৰতিষ্ঠান এই কাৰ্যত লিপ্ত হৈছে? এই সকলোবোৰ কথা সঠিক তদন্ততহে পোহৰলৈ আহিব। এতিয়া লক্ষ্যণীয় হ'ব এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কিবা পদক্ষেপ গ্ৰহণ কৰে, নে এইদৰে জনস্বাস্থ্যৰ সৈতে হেতালি অব্যাহত ৰখাৰ সুযোগ দিয়ে।
Also Read: জ্যেষ্ঠ অগপ নেতা খগেন্দ্ৰ নাথ মেধিক বৰক্ষেত্ৰীৰ সভাপতিৰ দায়িত্ব