অকৰেঙত বিজেপিৰ বিশাল সভাত ড° তুলিৰাম ৰংহাঙে বজালে নিৰ্বাচনী ৰণডংকা

 অকৰেঙত বিজেপিৰ বিশাল সভাত ড° তুলিৰাম ৰংহাঙে বজালে নিৰ্বাচনী ৰণডংকা

ডিজিটেল সংবাদ ,হাওৰাঘাট : কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নমাটি সমষ্টিৰ অকৰেঙত দেওবাৰে শাসকীয় বিজেপিৰ দলৰ বিশাল সভা অনুষ্ঠিত হয়। এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং। তেওঁ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়ৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। লগতে বিভিন্নজনে মুখ্য কাৰ্যবাহীৰ হাতত দিয়া অভাৱ অভিযোগ সম্বলিত স্মাৰক পত্ৰৰ সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

সংবাদ মাধ্যমৰ আগত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে চৰকাৰী গাওঁবুঢ়াসকলৰ দৰমহা ২০২৪ চনৰ পৰা এক হেজাৰ টকা বৃদ্ধি কৰাৰ কথা প্ৰতিশ্ৰুতি দিয়াৰ লগতে হাওৰাঘাট জুনিয়ৰ মহাবিদ্যালয়ৰ সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে । সভাৰ আৰম্ভণিতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে নমাটি সমষ্টিৰ কেইবা ঠাইতো বাৰ কোটিতকৈও অধিক বাট পথ , দলং, মিনি ষ্টেডিয়াম আদিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবালক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বাট পথ, আৰ চি চি দলং, মাৰ্কেট চেট আদি উদ্বোধন কৰে ।

কেইবা সহশ্ৰাধিক ৰাইজ সমবেত হোৱা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, হাওৰাঘাট আৰু ডিফুৰ বিধায়কদ্বয় ক্ৰমে দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিকে ধৰি বহুকেইগৰাকী কাৰ্যবাহী সদস্য, বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে । সভাত অৰ্ধশতাধিক বিৰুদি দলৰ পৰা বিজেপি দলত যোগদান কৰে ।

 অকৰেঙত বিজেপিৰ বিশাল সভাত ড° তুলিৰাম ৰংহাঙে বজালে নিৰ্বাচনী ৰণডংকা
ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ! বাহনৰ চেপাত প্ৰাণ গ'ল ১০ বছৰীয়া শিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in