কাৰ্বি আংলংৰ ৫ বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ ত্ৰিপুৰাৰ বিনয় দেৱ বাৰ্মাৰ

কাৰ্বি আংলংৰ ৫ বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ ত্ৰিপুৰাৰ বিনয় দেৱ বাৰ্মাৰ

ডিজিটেল সংবাদ,হাওৰাঘাট : লাংহিনত বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ ৫ অগ্ৰণী বড়ো সংগঠনসমূহৰ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ এক আলোচনাৰ চক্ৰত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ কক বৰকৰ সাধাৰণ সম্পাদক বিনয় দেৱ বাৰ্মাই। উল্লেখ্য যে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ হীৰক জয়ন্তী পালনৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলা আবৌফৰ ৩৫ সংখ্যক, কাৰ্বি আংলং জিলা সদৌ বড়ো কৰ্মচাৰী সন্থাৰ ৩৫ সংখ্যক, কাৰ্বি আংলং জিলা বড়ো কৃষক সন্থাৰ ১৭ সংখ্যক আৰু কাৰ্বি আংলং জিলা বড়ো গাওঁবুঢ়া সন্থাৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশন যুটীয়াভাৱে অনুষ্ঠিত কৰা হয়।

পুৱাৰ ভাগত ৫ অগ্ৰণী বড়ো সংগঠনৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰা হয় । কছাৰী সমাজৰ পতাকা উত্তোলন কৰে দালছিং বসুমতাৰী, আবৌফৰ পতাকা উত্তোলন কৰে লীলা দৈমাৰী, বড়ো কৰ্মচাৰী সন্থাৰ পতাকা উত্তোলন কৰে দিলীপ দৈমাৰী, বড়ো গাওঁবুঢ়া সন্থাৰ পতাকা উত্তোলন কৰে মুনিন্দ্ৰ নাৰ্জাৰী আৰু বড়ো কৃষক সন্থাৰ পতাকা উত্তোলন কৰে বুদ্ধিৰাম নাৰ্জাৰীয়ে ।

ছহিদ বেদীত বন্তি আৰু পুষ্প অৰ্পণ কৰে কছাৰী সমাজৰ উপদেষ্টা উত্তম চন্দ্ৰ ব্ৰহ্মই । ইয়াৰ পিছতে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ সভাপতি দালছিং বসুমতাৰীৰ সভাপতিত্বত 'বৃহত্তৰ বড়ো জাতি গঠনত প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধান ' শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত বড়ো সংগঠনৰ কাম কৰি অহা পুৰণি কৰ্মীসকল ক্ৰমে নজৰেন্দ্ৰ বসুমতাৰী, বিশ্বেশ্বৰ বসুমতাৰী, ৰণজিত দৈমাৰী, হলিৰাম নাৰ্জাৰী, ভুগিৰাম দৈমাৰী, অহিন হাজোৱাৰী আৰু তাৰণি বসুমতাৰীক সম্বৰ্ধনা জনোৱা হয়। ইফালে আলোচনা চক্ৰত ত্ৰিপুৰাৰ বিনয় দেৱ বাৰ্মা, ৰোহি চন্দ্ৰ দেৱ বাৰ্মা, ৰতন দেৱ বাৰ্মা, সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰী, কাৰ্বি আংলং জিলা তিৱা সাহিত্য সভাৰ সম্পাদক জনাৰ্দন পাটৰকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে ।

কাৰ্বি আংলংৰ ৫ বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ ত্ৰিপুৰাৰ বিনয় দেৱ বাৰ্মাৰ
ওদালগুৰি জিলাৰ ৪টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in