ওদালগুৰি জিলাৰ ৪টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ওদালগুৰি জিলাৰ ৪টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ,ওদালগুৰি : ওদালগুৰি নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টিৰ বাবে চূড়ান্ত ভোটাৰ তালিকা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত সমাপ্ত হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ আধাৰত জাৰি কৰা এই চূড়ান্ত ভোটাৰ তালিকাত সন্নিবিষ্ট মুঠ ভোটাৰৰ সংখ্যা হৈছে ৬,৮৯,২০৬গৰাকী।

ইয়াৰে ৩,৪১,৩৯৫ গৰাকী পুৰুষ, ৩,৪৭,৮০৭ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। উল্লেখ্য যে ওদালগুৰি নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টি ক্ৰমে ৪৫ নম্বৰ ভেৰগাওঁ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৬০,৩২৯ গৰাকী। ৪৬ নম্বৰ ওদালগুৰি (এছটি) বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৬৯,২৩২ গৰাকী।

আনহাতে ৪৭ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৮২,২৪১ গৰাকী আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৭৭,৪০৪ গৰাকী। খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত ৫,৩১৫ গৰাকী ভোটাৰ হ্ৰাস পাইছে।

জিলাখনত এইবেলি ১৩,৩৩২ গৰাকী নতুন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে। ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ বাবে কিছুদিন পূৰ্বে জাৰি কৰা খচৰা ভোটাৰ তালিকাত মুঠ ৬,৯৪,৫২১ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হৈছিল। ইফালে জিলাখনৰ ৪টা বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৮৪১টা।

সেই অনুসৰি ৪৫ নম্বৰ ভেৰগাওঁ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২০৩ টা, ২৯ গৰাকী, ৪৬ নম্বৰ ওদালগুৰি (এছটি) বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৯৬ টা, ৪৭ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২১১ টা আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২৩১ টা। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি এইবাৰ ওদালগুৰি জিলাখনত আছে ১,৬৮৯ গৰাকী কৰ্মচাৰী ভোটাৰ আছে।

উল্লেখ্য যে ২০২১ চনৰ ২১ জানুৱাৰীত প্ৰকাশ পোৱা জিলাখনৰ ৩টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকাত সন্নিবিষ্ট মুঠ ভোটাৰৰ সংখ্যা আছিল ৪,৬৬,৯৬৫ গৰাকী। আজি চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হৈছে যদিও নিৰ্বাচন আয়োগৰ বিধি অনুসৰি লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণলৈকে নিৰ্বাচনী জিলাখনৰ যোগ্য ভোটাৰসকলৰ নাম অন্তৰ্ভূক্ত আৰ বাবে নিয়মীয়া সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব।

এগৰাকীও যোগ্য ভোটাৰ যাতে নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগৰ পৰা বঞ্চিত হ’ব লগা নহয় আৰু কোনো অযোগ্য ভোটাৰৰ নাম তালিকাত সন্নিৱিষ্ট হৈ নাথাকে, সেয়া সুনিশ্চিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহন কৰা হ’ব বুলি জিলাখনৰ নিৰ্বাচন বিভাগৰ পৰা জনোৱা হৈছে।

ওদালগুৰি জিলাৰ ৪টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব স্থানপ্ৰাপ্তৰ ব্যৱস্থা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in