/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/29417dae-cb74-4df2-be12-1bc3a8cfaa4a/436349441_1000256018129313_7542601285835927584_n.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ৩ নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং তিছ'ৰ হৈ দেওবাৰে ফুলনিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত নিৰ্বচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিকতাই । হেলিকপ্টাৰযোগে ফুলনিত আহি উপস্থিত হোৱা সভাৰ মুখ্য অতিথি ভৱেশ কলিকতাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ প্ৰসংশাত পঞ্চমুখ হোৱাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f6b14fb1-2296-4934-970e-9bc995605d5d/435888947_1000337198121195_8412354670873186323_n.jpg)
লগতে ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰ সিং টিছুক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় । সভাত মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে উপস্থিত থাকি অমৰ সিং টিছুক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f9a698b7-ab0a-4d6d-94b4-3a98e656acb3/435739706_1000256114795970_7558771677957065346_n.jpg)
Also Read: কথমপি বাচিল ভাইজান ! বাইকত অহা দুই দুৰ্বৃত্তৰ লক্ষ্য আছিল ছালমান খান...