কথমপি বাচিল ভাইজান ! বাইকত অহা দুই দুৰ্বৃত্তৰ লক্ষ্য আছিল ছালমান খান...

কথমপি বাচিল ভাইজান ! বাইকত অহা দুই দুৰ্বৃত্তৰ লক্ষ্য আছিল ছালমান খান...

ডিজিটেল ডেস্কঃ বজৰংগী ভাইজানৰ জীৱন শংকাত ! বলিউডৰ অভিনেতাগৰাকীৰ ঘৰৰ সন্মুখত হোৱা গুলীবৰ্ষণ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে অভিনেতাজনৰ বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল।

ছালমান খানৰ ঘৰৰ বাহিৰৰ দেৱালত তদন্তকাৰী আৰক্ষীৰ দলে পাইছে গুলীৰ চিহ্ন। কেৱল সেয়াই নহয়- অভিনেতাজনৰ ঘৰৰ বেলকনিতো গুলীয়ে স্পৰ্শ কৰিছিল।

উল্লেখযোগ্য যে এই বেলকনিৰ পৰাই অভিনেতা ছালমান খানে তেঁওৰ অনুৰাগীসকলক অভিবাদন কৰে আৰু অনুৰাগীসকলৰ অভিবাদন গ্ৰহন কৰে। আৰক্ষীয়ে এই গুলীবৰ্ষণ ঘটনাৰে জড়িত দুৰ্বৃত্তই ব্যৱহাৰ কৰা এখন বাইক উদ্ধাৰ কৰিছে। এই বাইকখন বান্দ্ৰা অঞ্চলৰ মাউণ্ট নেৰী নামৰ স্থানৰ পৰা উদ্ধাৰ কৰিছে।

ছালমান খানে সপৰিয়ালে গেলেক্সী এপাৰ্টমেন্টৰ এক ফ্লেটত বাস কৰে। আৰক্ষীয়ে চিচি টিভি কেমেৰাত বন্দী হোৱা কেইবাটাও ভিডিঅ’ৰ পৰা অপৰাধীক চিনাক্ত কৰিবলৈ চেষ্টা অৱ্যাহত ৰাখিছে। বাইকত অহা দুজন অপৰাধীয়ে হেলমেট পৰিধান কৰাৰ বাবে তেঁওলোকৰ মুখাৱয়ব চিনাক্ত কৰিব পৰা নাই।

দুৰ্বৃত্ত দুজনে মুঠ ৪জাঁই গুলীবৰ্ষণ কৰিছিল ছালমান খানৰ ঘৰলৈ। ইয়াৰোপৰি ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা জীৱন্ত গুলী উদ্ধাৰ কৰিছে। আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰ অনুসৰি দেওবাৰে পুৱা অভিনেতাজনৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা ঘটনাৰ সৈতে ৰোহিত গোদাৰা গেংৰ লোক জড়িত হৈ আছে। ঘটনাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে অভিনেতাজনৰ নিৰাপত্তা আৰু অধিক কৰিছে।

কথমপি বাচিল ভাইজান ! বাইকত অহা দুই দুৰ্বৃত্তৰ লক্ষ্য আছিল ছালমান খান...
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীলৈ শিল নিক্ষেপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in