সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনক লৈ প্ৰস্তুতি...

২৬ মে'ৰ পৰা চিলাপথাৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব । কাইলৈৰ পৰা আয়োজন হ'বলগীয়া অধিৱেশনখনিক লৈ প্ৰস্তুতি তুংগত উঠিছে ।
অধিৱেশনক লৈ প্ৰস্তুতি
অধিৱেশনক লৈ প্ৰস্তুতি

ডিজিটেল সংবাদ, চিলাপথাৰঃ ২৬ মে'ৰ পৰা চিলাপথাৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব । কাইলৈৰ পৰা আয়োজন হ'বলগীয়া অধিৱেশনখনিক লৈ প্ৰস্তুতি তুংগত উঠিছে । লক্ষাধিক লোকক আদৰিবলৈ সাজু নেতাজী সমন্বয় ক্ষেত্ৰ। অহা ২৬,২৭,২৮,২৯ আৰু ৩০ মে'ত পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক আৰু ধেমাজি জিলাৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন।

পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন
পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন

চিলাপথাৰ ভৈৰৱপুৰ নেতাজী ক্ষেত্ৰত আয়োজিত অধিৱেশনৰ বাবে দিবা নৈশে অব্যাহত আছে নিৰ্মাণ কাৰ্য । বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ লক্ষাধিক প্ৰতিনিধি আৰু ৰাইজক আদৰিবলৈ সাজু অভ্যৰ্থনা সমিতি।

অন্তিম দিনটোৰ মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী-বিধায়কৰ লগতে বহু বিশিষ্ট ব্যক্তি আৰু বিভিন্ন সংগঠনৰ নেতা । অধিৱেশনত প্ৰদৰ্শন কৰা হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি । অব্যাহত আছে সাংস্কৃতিক দলৰ আখৰা । অন্তিম দিনা অনুষ্ঠান পৰিৱেশন কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, ইণ্ডিয়ান আইডলখ্যাত অৰুণিমা কাঞ্জিলাল, জনপ্ৰিয় অভিনেত্ৰী শ্ৰাৱন্তী চেটাৰ্জীৰ লগতে বহু জনপ্ৰিয় শিল্পীয়ে।

অধিৱেশনক লৈ প্ৰস্তুতি
মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in