বোকাজানত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ...

বোকাজানৰ শান্তিপুৰত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।

author-image
Asomiya Pratidin
New Update
বোকাজানত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ...

ডিজিটেল সংবাদ, বোকাজান : বোকাজানৰ শান্তিপুৰত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকাৰ পথতে বৰপথাৰ আৰক্ষীৰ নাকা তালাচিত জব্দ কৰে প্ৰায় ১ কেজি ৮০০ গ্ৰাম ড্ৰাগছ।

এম এল ১০ চি ৫৮৩৩ নম্বৰৰ এখন ট্ৰাকৰ ইঞ্জিনৰ তলত লুকুৱাই আনিছিল ড্ৰাগছখিনি। বোকাজানৰ বৰপথাৰ আৰু গোলাঘাট আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।

জব্দ কৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ধৃত সৰবৰাকাৰী ৰফিকুল ইছলামক আটক কৰিছে আৰক্ষীয়ে।

Also Read: নগাঁৱৰ সাত নৃত্য শিল্পীৰ সফলতা...

Assam police