নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খটখটিত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খটখটিত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, ডিফুঃ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খটখটি আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে দুটাকৈ অবৈধ মাৰণাস্ত্ৰ। দেওবাৰে পুৱা AS-26F-5554 নম্বৰৰ এখন অল্ট' বাহনখনৰ পৰা জব্দ কৰা হৈছে মাৰণাস্ত্ৰকেইটা। আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুজন যুৱকৰ পৰা এটা .৩২ আৰু .২২ পিষ্টলসহ ১৩ জাই ৭.৬২ৰ সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Advertisment

খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ সমীপৰ চাৰিলেন যুক্ত পথত চলোৱা তালাচীত মাৰণাস্ত্ৰসহ আটক কৰে চিৰাং জিলাৰ ছিবিস্তন ইছলাৰী আৰু মঞ্জিল নাৰ্জাৰী নামৰ যুৱক দুজনক ৷

Also Read: নিৰ্বাচনী ব্যস্ততাৰ মাজতে লামডিঙত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি...

arms seized diphu