নিৰ্বাচনী ব্যস্ততাৰ মাজতে লামডিঙত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি...

নিৰ্বাচনী ব্যস্ততাৰ মাজতে লামডিঙত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী ব্যস্ততাৰ মাজতে লামডিঙত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি...

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমান্তৰালকৈ ৰাজ্যত সামান উদ্যমেৰে বাপুতি সাহন ৰঙালী বিহুটিকো আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লামডিঙৰ "কোমল গান্ধাৰ সংগীত মহাবিদ্যালয়" আৰু "ছন্দনীড়" যৌথ উদ্যোগত তথা লামডিং মহাবিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতি গোট "মূৰ্চনা"ৰ সহযোগত এক প্ৰসংশনীয় পদক্ষেপ গ্ৰহন কৰিছে ।

Advertisment

শনিবাৰৰ পৰা অহা ১০এপ্ৰিললৈ ৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালা। লামডিং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা এই ৫দিনীয়া কৰ্মশালাত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। লামডিঙত আৰম্ভ হোৱা এই কৰ্মশলাত বিভিন্ন ভাষা ভাষিক প্ৰশিক্ষাৰ্তীৰ অংশগ্ৰহণে এক সম্বনয়ৰ বাৰ্তাও কঢ়িয়াই আনা পৰিলক্ষিত হৈছে৷

Also Read: গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত হেণ্ডিমেন

lumding bihu workshop