বোকাজানত এ জে ৱাই চি পিৰ 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

দুৰ্নীতি বিৰোধী যুৱ শক্তি, বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সহযোগিতা
বোকাজানত এ জে ৱাই চি পিৰ 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...
বোকাজানত এ জে ৱাই চি পিৰ 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ বোকাজানঃ আজি সমগ্ৰ ৰাজ্যতে সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাইক ৰেলী বাহিৰ কৰাৰ সমান্তৰালকৈ এ জে ৱাই চি পিয়েও পূৰ্বে ঘোষণা কৰা ধৰণেই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি বোকাজানতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এ জে ৱাই চি পিৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

এ জে ৱাই চি পিৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কাৰ্বি আংলং জিলা সমিতি আৰু জিলাখনৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, এই প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হয় এ জে ৱাই চি পিৰ কাৰ্যালয়ৰ সন্মুখত।

শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদত শাসকীয় বিজেপি চৰকাৰ বিৰোধী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ বিৰোধী শ্লোগান দি আকাশ বতাহ কঁপাই তোলে। এই প্ৰতিবাদৰ মাজতে সংগঠনটোৱে চৰকাৰক পুনৰ সকিয়াই দিয়ে যদিহে ৰাজ্যত 'কা' প্ৰযোজ্য কৰে তেন্তে ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব।

বোকাজানত এ জে ৱাই চি পিৰ 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...
৩০০ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ পিছতে কংগ্ৰেছৰ সংবাদ মেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in