৩০০ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ পিছতে কংগ্ৰেছৰ সংবাদ মেল...

বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে বুলি মন্তব্য দৰং কংগ্ৰেছৰ সভাপতিৰ

author-image
Asomiya Pratidin
New Update
৩০০ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ পিছতে কংগ্ৰেছৰ সংবাদ মেল...

৩০০ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ পিছতে কংগ্ৰেছৰ সংবাদ মেল...

ডিজিটেল সংবাদ মঙলদৈঃ দৰং জিলাত কংগ্ৰেছৰ বৃহৎ খহনীয়াৰ পিছতেই দৰং জিলা কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰে। জিলা ৰাজীব ভৱনত সংবাদ মেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে।

Advertisment

তেওঁ সংবাদ মেলত অভিযোগ কৰি কয় যে, আজি বিজেপিত যোগদান কৰাসকল কংগ্ৰেছৰ ২০ বছৰীয়া দালাল।বিজেপিত যোগদান কৰাসকলে পাৰ্টী কৰিব যোৱা নাই, ঠিকা কৰিবলৈ হে গৈছে।

ইয়াৰোপৰি তেওঁ কয়, এতিয়া দৰং কংগ্ৰেছ মুক্ত। কংগ্ৰেছৰ সদস্যই বিজেপিত যোগদান কৰা নাই। ২০ বছৰীয়া দালালেহে যোগদান কৰিছে। একমাত্ৰ বসন্ত দাস বিধায়কৰ কাম-কাজখিনি শেষ হোৱাৰ পিছতেই সকলো আকৌ কংগ্ৰেছলৈ ঘূৰি আহিব।

বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দৰং কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে।

Also Read: সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৩ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

মঙলদৈ কংগ্ৰেছ বিজেপি